30
Mar
2018

ডিজিটেল ডেস্কঃ অসমৰ পৰা যোৱা এটা আৰক্ষীৰ দলে হাৰিয়ান আৰক্ষীৰ সহযোগত হাৰিয়ানাৰ বাণিজ্যিক চহৰ পানিপটৰ পৰা ৪গৰাকী অসমৰ যুৱতীক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ হোৱা যুৱতীকেইগৰাকী মৰিগাঁও-নগাঁও জিলাৰ বুলি জানিব পৰা গৈছে৷
জানিব পৰা মতে, যুৱতীকেইগৰাকীক কাম দিয়াৰ লগতে বিভিন্ন প্ৰলোভনেৰে এটি চক্ৰই পৰিয়ালৰ অজ্ঞাতে অসমৰ পৰা লৈ গৈছিল৷ তাৰ পিছতে কেইগৰাকীমান লোকৰ বিৰুদ্ধে পৰিয়ালে নগাঁও আৰক্ষীক অভিযোগ দাখিল কৰিছিল পৰিয়ালে৷ পৰিয়ালৰ অভিযোগৰ ভিত্তিত অভিযান চলাই অসমৰ যুৱতীকেইগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীয়ে পাণিপটৰ এটি গেষ্ট হাউচত উদ্ধাৰ কৰে যুৱতীকেইগৰাকীক৷