
newsnextone.com | মঙলদৈঃ কাৰ্বি আংলঙৰ ডকমকাত ছচিয়েল মিডিয়াত উৰা বাতৰি প্ৰচাৰ হোৱাৰ পিছত প্ৰতিয়ন গৈ এচাম দুষ্কৃতিকাৰীয়ে গুৱাহাটীৰ উদীয়মান দুই যুৱক নিলোৎপল দাস আৰু অভিজিৎ নাথক সোপধৰা বুলি সন্দেহ কৰি অতি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হোৱাৰ পিছতে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত তীক্ষ্ন নজৰ দিছে৷
ইতিমধ্যে অসম আৰক্ষীয়ে ছচিয়েল মিডিয়াত উত্তেজনা বিয়পাব খোজা লোকৰ খবৰ দিবলৈ ৰাইজৰ বাবে বিশেষ ফোন নম্বৰ প্ৰকাশ কৰে৷ ০৩৬১-২৫২১২৪২, ৯৪৩৫২১৫০২৯, ০৩৬১-২৩৮১১১, ০৩৬১-২৩৮০৬২০ আৰু হোৱাটছএপ ৮৭৪৯৮-৬০৮০৩ নম্বৰ ৰাজহুৱা কৰে৷ ইয়াৰ লগে লগে দেওবাৰে দিনটোত ছচিয়েল মিডিয়াত উত্তেজনামূলক আপডেট দিয়া ৫গৰাকী লোকক আটক কৰে আৰক্ষীয়ে৷ চছিয়েল মিডিয়াত উত্তেজিত পোষ্ট দিয়া দুজন যুৱকক আটক কৰে দৰং জিলা আৰক্ষীয়ে৷
দৰং জিলা আৰক্ষী অধীক্ষক শ্ৰী জিৎ ট্ৰীয়ে জানিবলৈ দিয়া মতে, ছিপাঝাৰ থানাৰ অন্তৰ্গত কেন্দুগুৰি গাঁৱৰ শুভজিৎ শৰ্মা ওৰফে শুভ্ৰজিৎ কাশ্যপ নামৰ যুৱকজনে যোৱা ৮ জুনত শিশু অপহৰণৰ ভুৱা খবৰ ফেচবুকত আপলোড কৰিছিল। আনহাতে সকলো ফেচবুকৰ বাৰ্তা নিৰীক্ষণ কৰি দৰং জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে শুভজিৎ শৰ্মাক।
আন এজন যুৱক মঙলদৈৰ বলোপৰাৰ মহেশ্বৰ দাসৰ পুত্ৰ প্ৰদীপ দাসক আটক কৰে আৰক্ষীয়ে৷ শনিবাৰে হোৱাটছএপ গ্ৰুপত উত্তজনামূলক আৰু ভুৱা খবৰ প্ৰচাৰ কৰিছিল প্ৰদীপ দাসে৷ আইটি আইনৰ অধিনত দুয়োজনকে আটক কৰে আৰক্ষীয়ে৷ ইপিনে দৰং জিলা প্ৰশাসনে সোপাধৰাৰ উৰা বাতৰিত ভোল নাযাবলৈ সকলোকে আহ্বান জনায়।
ইপিনে নগাঁও আৰক্ষীৰ জালত পৰিছে মৃদুপৱন বকতিয়াৰ নামৰ এজন যুৱক। ফেচবুকত লাইভ কৰি এটি জনগোষ্ঠীৰ বিৰুদ্ধে বিৰূপ কথা প্ৰকাশ কৰিছিল৷ ৰাজ্যৰ পৰিবেশ দূষিত কৰিব বিচৰাৰ অভিযোগত আটক হয় মৃদুপৱন৷
ছ‘চিয়েল মিডিয়াত এই ঘটনাক সমৰ্থন কৰাৰ বাবে ডিব্ৰুগড় জিলাৰ লাহোৱাল অাৰক্ষীয়ে এজন ছাত্ৰক গ্ৰেপ্তাৰ কৰে৷ ছাত্ৰজনে ফেচবুকত দিয়া এটা বিতৰ্কিত পোষ্টত চাঞ্চল্যৰ সৃষ্টি হয়৷ সীমান্ত তেৰাং ৰংচিয়াচো-তো নামৰ ডিব্ৰুগড়ৰ বকুলস্থিত পলিটেকনিকৰ ছাত্ৰজনে কাৰ্বি আংলঙত নাহিবি নিজৰ অসমত থাক৷ কিয় কাৰ্বি আংলং আহ বুলি ফেচবুকত আপডেট দিয়ে৷
তাৰ পিছতে এই খবৰ বকুলত প্ৰচাৰ হয়৷ লগে লগে স্থানীয় লোকে পলিটেকনিকলৈ গৈ ছাত্র জনৰ সন্ধান কৰে৷ তাৰ পিছতে পলিটেকনিক কৰ্তৃপক্ষই বিপদৰ অাশংকা কৰি ছাত্রজনক লুকুৱাই ৰাখে৷ লাহোৱাল অাৰক্ষী উপস্থিত হৈ ছাত্রজনক গ্ৰেপ্তাৰ কৰে৷ ছাত্রজনৰ ঘৰ কাৰ্বি অাংলঙত বুলি জানিব পৰা গৈছে৷
ছচিয়েল মিডিয়াত আপত্তিজনক আপডেট দি মহানগৰ আৰক্ষীৰ জালত পৰে মানব বৰা নামৰ এজন ছাত্ৰ। সঞ্জয় টমুং নামৰ এজন লোকে আৰক্ষীক দিয়া অভিযোগৰ ভিত্তিত চন্দ্ৰপুৰৰ পৰা আটক কৰে ছাত্ৰজনক। কাৰ্বি জনগোষ্ঠীকলৈ লৈ অশুভ আপডেট দিছিল তেওঁ।