আজাৰাঃ ৰাজ্য খনৰ সৰ্ব দিশৰ উন্নয়ণৰ প্ৰতিশ্ৰতি দি মিত্ৰ জোঁটৰ চৰকাৰে ৰাজ্যৰ জনসাধৰণৰ পৰা ভোট লৈ শাসন ভাৰ দখল কৰিছিল অগপ, বিজেপি আৰু বিপিএপে৷ ৰাজ্যৰ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য, সীমান্ত সুৰক্ষাৰ দোহাই গাদী দখল কৰা চৰকাৰ খনে চৰকাৰ গঠন কৰাৰ ২ বছৰ পাৰ হল যদিও আজিলেউন্নয়ণত গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷

বিশেষকৈ ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ দুখ ছবিখনে সচেতন নাগৰিকক চিন্তিত কৰি তোলে৷ শিক্ষা খণ্ডক সংস্কাৰৰ বাবে ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন কাৰ্যসূচী লৈ আহিছে৷ গুণোৎসৱ অনুষ্ঠিত কৰি ব্যাপক চমক সৃষ্টি কৰিছে চৰকাৰ তথা শিক্ষা বিভাগে৷ প্ৰকৃততে এনে বোৰ আঁচনিয়ে কণ কণ ছাত্ৰ-ছাত্ৰী তথা দৰিদ্ৰ-শ্ৰমিকৰ সন্তানক উপকৃত কৰিব পাৰিছে নে নাই সেয়া ৰাইজে বিচাৰ কৰিবৰ সময় আহি পৰিছে৷

কিন্তু এনেবোৰ আঁচনিৰ জড়িয়তে লাখ লাখ টকা খৰছ কৰাৰ সময়তে ৰাজ্যত আজিও বহু বিদ্যালয় আছে যিবোৰ বিদ্যালয় দেখিলে স্বাধীন দেশৰ স্কুল যেন নালাগে৷ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ণ কৰা বহু বিদ্যালয়ত আজিও নাই উপয়ুক্ত শ্ৰেণীকোঠা, ডেস্ক, বেঞ্চ আদি৷ আজিও বহু বিদ্যালয়ত ব্লেক বৰ্ড এখনৰ অভাৱত শিক্ষকে পাঠদান কৰিব লগা হয়৷

এজাক বৰষুণতে বহু বিদ্যালয়ৰ চৌহদ পানীৰে ভৰি পৰে৷ গুণোৎসৱৰ দৰে কাৰ্যসূচী লোৱাৰ পূৰ্বে চৰকাৰে গ্ৰাম্য অঞ্চলৰ শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঠনি উন্নত কৰাৰ আহ্বান জনাইছিল একাংশ লোকে৷ আন্তঃগাঠনি তথা গুৰিৰ পৰা সংস্কাৰ কৰাৰ দাবী জনাইছিল৷ কিন্তু চৰকাৰে এনে লোকৰ পৰামৰ্শ গ্ৰহণ নকৰি ব্যাপক ধামখুমীয়াত গুণোৎসৱ অনুষ্ঠিত কৰে৷ এই গুণোৎসৱে স্কুল সমূহৰ সৰু সৰু সমস্যা সমূহ সমাধান কৰিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷

শিক্ষকক কেমেৰাৰ সন্মুখত খতিয়ান লৈ ঠাট্টা, মস্কৰা কৰা শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগৰ পৰিৰ্ৱতনৰ শ্ল’গান দিয়া যদিও প্ৰকৃততে শ্ল’গান সচা বুলি প্ৰমান নহয়। চৰকাৰী বিদ্যালয় সমূহত বহু আজিও কেৰোণ আজিও দেখা পোৱা যায়। তেনেই এখন বিদ্যালয় হ’ল ৫৪ নং পশ্চিম গুৱাহাটী সমষ্টিৰ অন্তৰ্গত ৰাণী শিক্ষা খণ্ডৰ বঙৰাৰ পাচনীয়া পাৰাৰ মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয়৷ ১৯৯৬ চনতেই স্থাপন কৰা বিদ্যালয় খনত আজিও এশ এবুৰি সমস্যাৰে যুজ দিব লগা হৈছে৷

গুৱাহাটী মহানগৰীৰ সমীপৰ বিদ্যালয় খনক শিক্ষা বিভাগৰ কোনো অভিলাষী আঁচনীয়ে ঢুকি নাই। এটা উপযুক্ত সা-সুবিধা নথকাৰ বাবে শৈক্ষিক পৰিবেশ নোহোৱা হৈছে বিদ্যালয় খনত। মফিজউদ্দিন আহমেদ প্ৰাথমিক বিদ্যালয় খনেই হৈছে অঞ্চলটোৰ একমাত্ৰ শিক্ষানুষ্ঠান। চৰকাৰী সা-সুবিধা নথকাৰ লগতে বহিবলৈ নাই শ্ৰেণী কোঠা।

এটা কোঠাতেই চাৰিটা-পাচটা শ্ৰেণীৰ পাঠদান কৰিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে। ৰান্ধনী ঘৰতো শ্ৰেণী কোঠাৰূপে ব্যৱহাৰ কৰি পাঠদান কৰিব লগা হয়। বিদ্যালয়খনৰ চাৰিসীমাৰ দেৱাল নাই। যাৰ ফলত বিদ্যালয় খন হৈ পৰে গৰু-ছাগলীৰ বাবে চৰনীয়া পথাৰ সদৃশ। পানীৰ বাবে বিদ্যালয়ৰ চৌহদত প্ৰবেশ কৰিব নোৱাৰে ছাত্ৰ-ছাত্ৰীয়ে। শিক্ষা বিভাগৰ উচ্চ-পদস্থ বিষয়া, বিধায়কক এই স্কুল খনৰ দুৰাৱস্থাৰ বিষয়ে বহু বাৰ অৱগত কৰা হৈছিল যদিও গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷