জাগীৰোডঃ প্ৰতিবাদকাৰীক জোৰ জুলুম কৰি আটক কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হছে জাগীৰোডত৷ মৰিগাঁও জিলাৰ জাগীৰোডত পথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৰা প্ৰায় ৫০গৰাকী প্ৰতিবাদকাৰীক আটক কৰে আৰক্ষীয়ে৷ প্ৰতিবাদ সাব্যস্ত কৰি থকৰা সময়তে আৰক্ষী উপস্থতি হৈ প্ৰায় ১০গৰাকী প্ৰতিবাদকাৰীক জোৰ-জুলুম কৰি টানি চোচোৰাই গাড়ীত ভৰাই জাগীৰোড থানালৈ লৈ যায়৷

কেইবাশতাধিক লোকে পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল মঙলবাৰে৷ জাগীৰোড-মৰিগাঁও সংযোগী পথ অৱৰোধ কৰি পথ নিৰ্মানকাৰী সংস্থা চিমপ্লেক্সৰ বিৰুদ্ধে ক্ষোভ উজাৰে ৰাইজে৷ চিমপ্লেক্স, ডালমিয়া চিমেন্ট উদ্যোগৰ বিৰুদ্ধেও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷

৮৫ কোটি টকাৰে নিৰ্মাণ হৈ থকা জাগীৰোড-মৰিগাঁও জৰাজীৰ্ণ পথ শীঘ্ৰে নিৰ্মানৰ দাবী জনায় ৰাইজে৷ ৬ বছৰে সম্পূৰ্ণ নহ'ল জাগীৰোড- মৰিগাঁও পথ।মৰিগাঁও পথ নিৰ্মাণৰ দাবীত পথ অৱৰোধ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। আৰক্ষীৰ এনে কাৰ্যক গৰিহণা মানৱ অধিকাৰ সংগ্ৰাম সমিতিৰ। দুঘণ্টা ধৰি আবদ্ধ শ শ যান-বাহন।