ডিফুঃ পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয়ৰ ঘন অৰণ্যত সেনা আৰু আৰক্ষীৰ যৌথ অভিযানত এইছ এন এল চি নামৰ উগ্ৰপন্থী সংগঠনৰ গোপন ঘাটি ধ্বংস কৰাৰ লগতে সংগঠনটোৰ ৫ জন দুধৰ্ষ কেডাৰ আটক হয়৷

তদুপৰি সেনা-আৰক্ষীয়ে সংগঠনটোৰ কেজাৰৰ পৰা বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অসম-মেঘালয় সীমান্তৰ ঘন অৰণ্যত সহস্ত্ৰ সংগঠনৰ গোপন ঘাটি থকাৰ সেনা-আৰক্ষীয়ে গোপনে অভিযান চলাই এজন এইছ এন এল চিৰ কেডাৰ আটক কৰে৷

তাৰ পাছত আটক হোৱা কেডাৰ গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনা-আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা আন চাৰিজন কেডাৰক আটক কৰিবলৈ সক্ষম হয়৷

আনহাতে কেডাৰ কেইজনৰ স্বীকাৰোক্তিৰ ভিত্তিত সেনা-আৰক্ষীয়ে সীমান্তঞ্চলৰ ঘন অৰণ্যত অভিযান চলাই হিনাটীৰেপ নেছনেল লিবাৰেছন কাউঞ্চিল চমূকৈ এইছ এন এল চিৰ এটা গোপন ঘাটি ধ্বংস কৰাৰ লগতে ২ টা জি ৩ ৰাইফল, এটা ফেক্টৰী নিৰ্মিত ৩০৩ ৰাইফল, এটা ফেক্টৰী নিৰ্মিত ৭.৬২ পিষ্টল, এটা ফেক্টৰী নিৰ্মিত ছিংগল বেৰেল গান, ১০ কেজি বিষ্ফোৰক সামগ্ৰী, ৪০ টা ডিটনেটৰ, ৬৬ জাঁই সজীৱ গুলী আৰু কেতবোৰ যুদ্ধত ব্যৱহৃত সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

ধৃত কেডাৰ কেইজন ক্ৰমে বিষ্টাৰ উইন হাঞ্চে, বাধু বে, পপ ইমাদেহ, পলিন নাংৰেম আৰু ডনব' ক মাৰবানেম বুলি চিনাক্ত কৰা হৈছে ৷ ধৃত উগ্ৰপন্থী সদস্য কেইজন পূৱ আৰু পশ্চিম কাৰ্বি আংলং আৰু মেঘালয় ৰাজ্যৰ বিভিন্ন গাঁৱৰ বাসিন্দা বুলি সেনাই জানিবলৈ দিয়ে৷