Calvin College
Calvin College

শিৱসাগৰঃ শিৱসাগৰ জিলা প্ৰশাসনে অহা ৬-১৯ নৱেম্বৰলৈ সমগ্ৰ জিলাখনত কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান আৰম্ভ কৰিব বুলি এক বিবৃতি যোগে জানিবলৈ দিয়ে৷ জিলা খনৰ স্বাস্থ্য বিভাগৰ ডিমৌ, গেলেকী, খেলুৱা আৰু মৰাবজাৰ সহিতে ছটা স্বাস্থ্য কেন্দ্ৰত ১৪ দিনীয়া কাৰ্যসূচীৰে কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান চলিব বুলি অৱগত কৰে প্ৰশাসনে৷

অভিযানত স্বাস্থ্যকৰ্মীসকলে ঘৰে ঘৰে গৈ জনসাধাৰণৰ স্বাস্থ্য পৰীক্ষা কৰিব৷ কোনো লোকৰ কুষ্ঠৰোগ ধৰা পৰিলে বীনামূলীয়া চিকিসা ব্যৱস্থা কৰিব প্ৰশাসনে। সাধাৰণতে মানুহৰ এটা নতুবা তাতোধিক চেতনাহীন, বিষহীন আৰু শেঁতাপৰা, তামবৰণীয়া দাগ পৰা, ৰোগীৰ চকুৰ পতা মেল খাই থকা তথা ৰোগীৰ কাণ আৰু কাণৰ লতি অস্বাভাৱিক হোৱা, হাত ভৰি শুকান আৰু ৰোগাক্ৰান্ত হোৱা অংশত স্পৰ্শ কৰিলেও অনুভৱ নকৰা, মাংসপেশী শুকাই যোৱা আৰু দুৰ্বল হৈ পৰিলে এই ৰোগৰ লক্ষণ হ’ব পাৰে।

দেহত অন্যান্য বিসংগতি যেনে হাত ভৰি বেকা হোৱা বা আঙুলি নাইকিয়া হোৱা আদি প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা যায়। যদি কোনো ব্যক্তিয়ে এনেধৰণৰ ব্যক্তিৰ বিষয়ে অৱগত হয় ততকালীনভাৱে ওচৰৰ আশা কৰ্মী, আৰু স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰিবলৈ জিলা প্ৰশাসনে অনুৰোধ জনায়। ২০১৬ বৰ্ষত ৫ চেপ্তেম্বৰৰ পৰা ১৯ চেপ্তেম্বৰলৈকে এই অভিযান চলিছিল৷ ৪০৩ জন লোকক কুষ্ঠৰোগত আক্ৰান্ত হোৱা বুলি সন্দেহ কৰা হৈছিল লগতে তাৰে ৪৮ জন লোক কুষ্ঠৰোগত আক্ৰান্ত বুলি নিশ্চিত হৈছিল প্ৰশাসনে৷ ৪৫ জন লোক সম্পৰ্ণৰূপে আৰোগ্য হোৱাৰ লগতে ৩ জন লোক চিকিৎসাধীন হৈ আছে বুলি জানিবলৈ দিয়ে চিকিৎসা বিষয়া ডাঃ দ্বীজেন কোঁচে।