06
Dec
2017

ধুবুৰীঃ ধুবুৰী আৰক্ষীৰ জালত পৰিল ৬ এটিএম চোৰ৷ যোৱা ২ ডিচেম্বৰত ধুবুৰীৰ কলেজ ৰোডস্থিত এলাহাবাদ বেংকৰ এটা ATMত লুটপাত চলােৱা দলটো অৱশেষত আৰক্ষীৰ জালত পৰে৷
ধুবুৰী আৰক্ষীয়ে খুৰশ্বিদ আলী, মোজাম্মিল হক, ফুলচান্দ আলী, নশেৰ আলী আৰু আব্দুৰ ৰহিমক আটক কৰিবলৈ সক্ষম হয়৷
২ ডিচেম্বৰত ধুবুৰীৰ কলেজ ৰোডস্থিত এলাহাবাদ বেংকৰ ATMত লুটপাত চলোৱাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চৰ এলেকাৰ পৰা আটাইকেইজনকে আটক কৰে৷ আৰক্ষীয়ে দলটোৰ পৰা ১০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।