newsnextone.com | গুৱাহাটী/ওদালগুৰিঃ সোমবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্বিলঙত অনুষ্ঠিত হৈছে উত্তৰ-পূৱ পৰিষদৰ ৬৭ সংখ্যক বৈঠকত৷ দেশৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকত ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং, উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৰাজ্যপালসকল উপস্থিত হয়৷ বৈঠকত উত্তৰ পূবৰ ৰাজ্য সমূহৰ উন্নয়ন আৰু বৰ্তমান সন্মুখীন হৈ অহা সমস্যাসমূহ সমাধান সম্পৰ্কে আলোচনা কৰা হ’ব৷ সোমবাৰে গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰৰ পৰা পোনেপোনে শ্বিলঙলৈ যায় গৃহমন্ত্ৰী ৰাজনাথ সিঙে৷

সোমবাৰে দুপৰীয়াৰ পৰা অনুষ্ঠিত বৈঠক ৰাজনাথ সিঙে কয় যে আমাৰ চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ লোকক সামাজিক-আৰ্থিক ন্যায়, সুৰক্ষা দিয়াৰ বাবে কাম কৰিব৷ আমি দক্ষিণ-পশ্চিম প্ৰান্তৰ দেশৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়িব খুজিছোঁ৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলে নিজ নিজ মন্তব্য প্ৰকাশ কৰিব৷ বৈঠক সমাপ্ত হোৱাৰ অন্তত গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙে সংবাদমেল অনুষ্ঠিত কৰি উত্তৰ পূৰ্বাঞ্চলৰ বাবে বিশেষ ঘোষণা কৰাৰ থল আছে৷

শ্বিলঙৰ 'পাইনউড হোটেল'ত অনুষ্ঠিত বৈঠকত ৰাজনাথ সিঙে উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্যকেইখনত এনইচিৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ বুজ লোৱাৰ লগতে ৰাজ্যকেইখনৰ মাজত যোগাযোগ ব্যৱস্থা, সুৰক্ষাৰ ব্যৱস্থাটো পৰ্যালোচনা কৰিব।

আনহাতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভ্ৰমণক আদৰণি জনাই ইউনাইটেড পিপলচ পাৰ্টী লিবাৰেল চমুকৈ ইউপিপিএলৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ দৈমাৰীয়ে। দৈমাৰীয়ে এক বিবৃতি যোগে উত্তৰ-পূৰ্বাঞ্চললৈ শান্তিৰ বতৰা কঢ়িয়াই অনাৰ আশা প্ৰতিফলিত হৈছে। এই ভ্ৰমণৰ জৰিয়তে উত্তৰ-পূৱৰ সশস্ত্ৰ সংগঠন সমূহৰ সমস্যা সমাধানৰ দিশ মুকলি হোৱাৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথ সুগম তথা উত্তৰ-পূৰ্বাঞ্চললৈ শান্তি ঘুৰি অহাৰ কামনা কৰে সংগঠনটোৱে।