কাজিৰঙাঃ ক্ৰমাৎ অৱনতি ঘটিছে ৰাজ্যৰ বান পৰিস্থিতিৰ। ভিন্ন প্ৰান্তৰ লগতে বানে ভয়াৱহ ৰূপ লৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো। যোৱা ৪৮ ঘণ্টা ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানখনৰ ৮৫ শতাংশ অঞ্চল জলমগ্ন হৈ পৰিছে। বন বিভাগৰ সূত্ৰই সদৰী কৰা মতে, ১৯৮৮ চনৰ পিছত এতিয়ালৈকে এইবাৰেই ৰাষ্ট্ৰীয় উদ্যানখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে।

ব্ৰহ্মপুত্ৰ ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলতে এনেদৰে প্লাৱিত হৈ পৰিছে উদ্যানখননৰ বিস্তীৰ্ণ অঞ্চল। অধিকাংশ জীৱ-জন্তুৱেই এতিয়া প্ৰাণৰ সংশয়ত কাৰ্বি পাহাৰ অভিমুখে ৰাওনা হৈছে। বন বিভাগে জনোৱা মতে, উদ্যানখনৰ ভালেমান ঠাইত পানী ৬ ফুটৰ ওপৰেৰে বৈছে। ডুব গৈছে প্ৰায় আটাইকেইটা চোৰাং চিকাৰী নীৰিক্ষণ কেম্প।

কাজিৰঙাৰ এগৰাকী শীৰ্ষ বন বিষয়া ৰোহিনী বল্লভ শইকীয়াই অন্যান্য সংবাদ মাধ্যমৰ লগতে 'নিউজ নেক্সট ৱান'ক জনোৱা মতে, প্ৰায় ২৯ বছৰৰ অন্তত উদ্যানখনত বানে এনে ভয়াৱহ ৰূপ লৈছে।

'১৯৮৮ চনৰ পিছত এইবাৰেই প্ৰথম এনে অৱস্থা হৈছে। উদ্যানখনৰ কাহানিও ডুব নোযোৱা ঠাইবোৰো এইবাৰ জলমগ্ন হৈ পৰিছে। কিমান জীৱ-জন্তুৰ মৃত্যু হৈছে সেই সম্পৰ্কে এতিয়াও কোনো তথ্য লাভ কৰিব পৰা হোৱা নাই। পানী হ্ৰাস পালেহে পৰিস্থিতি কিমান ভয়াৱহ হৈ পৰিছে সেয়া জানিব পৰা যাব। এতিয়ালৈকে ১৮৮ টা চোৰাং চিকাৰী নীৰিক্ষণ কেম্পৰ ১৪৮টা কেম্পেই পানীৰ তলত ডুব গৈছে।’-এইদৰে কয় শইকীয়াই।

উল্লেখ্য যে যোৱা মাহত হোৱা প্ৰথমটো বানত উদ্যানখনত ১০৭ টাকৈ বন্যপ্ৰাণীৰ মৃত্যু হৈছিল। ইয়াৰে ৭টাই আছিল পৃথিৱী বিখ্যাত এশিঙীয়া গঁড়। ১০৭ টাৰ ১৩টাৰ মৃত্যু হৈছিল গাড়ীৰ খুন্দাত। পানীৰে পৰিপূৰ্ণ উদ্যানখনৰ পৰা নিৰাপদ স্থানৰ সন্ধান কৰোতেই প্ৰতিটো বানতেই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত গাড়ীৰ খুন্দাত এনেদৰে মৃত্যু মুখত পৰি আহিছে একাধিক বন্যপ্ৰাণী। এনে মৃত্যু ৰোধৰ বাবে ঘাইপথটোত টাইম কাৰ্ডৰ ব্যৱস্থা কৰা হয় যদিও একাংশ উদণ্ড আৰু নীতি-নিয়ম নমনা চালকৰ বাবে সকলো ব্যৱস্থাই প্ৰহসনত পৰিণত হৈ পৰিছে।

কাজিৰঙাত এইবাৰ বানে যি বয়াৱহ ৰূপ লৈছে তালৈ চাই উদ্যানখনক পূৰ্বৰ দৰে পৰ্যটকসকলৰ বাবে আকৰ্ষণীয় কৰি তুলিবলৈ অতি কমেও দুটা বছৰৰ প্ৰয়োজন হ'ব বুলি মন্তব্য কৰিছে বন বিভাগৰ কেবাগৰাকী শীৰ্ষ বিষয়াই। "বানত যিমান ক্ষতি হৈছে সেয়া আকৌ স্বাভাৱিক হৈ উঠিবলৈ অতি কমেও দুবছৰৰ প্ৰয়োজন হ'ব। কিন্তু ইয়াৰ বাবে অহা বছৰসমূহত এনে ভয়াৱহ বান নোহোৱাতো নিশ্চিত কৰিব লাগিব। আগন্তুক বৰ্ষতো এনে বান হ'লে জীৱ-জন্তুসমূহৰ থানথিত নোহোৱা হৈ পৰিব। ফলত পৰ্যটনৰ সম্ভাৱনা হ্ৰাস পাব।"- এইদৰে কয় নাম প্ৰকাশত অনিচ্ছুক এগৰাকী শীৰ্ষ বন বিষয়াই।