31
Jul
2017

লংকাঃ লংকা আৰক্ষীৰ জালত পৰিল জুৱাৰী৷ ৰাজ্যৰ যুৱ-প্ৰজন্মক মদ আৰু জুৱাই কোঙা কৰাৰ সময়তে আজি লংকা আৰক্ষীয়ে জুৱাৰীৰ বিৰুদ্ধে অভিযান চলাই ৯ গৰাকীকৈ জুৱাৰীক আটক কৰে৷
হোজাই জিলাৰ অন্তৰ্গত লংকাৰ হংকং মাৰ্কেটত লংকা আৰক্ষীয়ে আজি অতৰ্কিতে এক অভিযান চলাই জালত পেলাই জুৱাৰী কেইজনক৷ জুৱাৰ ঘাটি উচ্ছেদ কৰি ৯ জন জুৱাৰীক আটক কৰাৰ লগতে জুৱাৰ বিভিন্ন সা-সামগ্ৰীসহ নগদ ধন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী৷
ধৃত জুৱাৰীকেইজন হৈছে গৌতম চক্ৰবৰ্তী, নুৰ ইছলাম, ৰঞ্জিত দাস, পাৰবেজ আখটাৰ, আব্দুল চাত্তাৰ, দিলোৱাৰ হুছেইন, কাজল দে, বাবুল দাস আৰু আমিৰ উদ্দিন।
আৰক্ষীয়ে অধিক তথ্যৰ বাবে জুৱাৰী কেইজনক সোধ-পোছ অব্যাহত ৰাখিছে৷ উল্লেখ্য যে, দীৰ্ঘ দিন ধৰি আটকাধীন লোক কেইজনে গোপনে লংকাৰ হংকং মাৰ্কেটট জুৱা তথা এণ্ডিং খেল চলাই আহিছিল। লংকা আৰক্ষীৰ এই পদক্ষেপৰ শলাগ লৈছে সচেতন ৰাইজে।