জাগীৰোডঃ মায়ঙত আজি দিনৰ ভাগত দুটাকৈ শিশুৰ সলিল সমাধি ঘটে। এই ঘটনাই মায়ং অঞ্চলত শোকৰ ছাঁ পেলাইছে। দিনৰ ২ মান বজাত মায়ঙৰ মুৰবাৰীত এটি ৯ মহীয়া শিশু সলিল সমাধি ঘটাৰ পিছত বিয়লি প্ৰায় ৪ বজাত চনকাত পুনৰ আন এটি শিশুৰ সলিল সমাধি ঘটে। 

♦ ঘটনাস্থলীত উপস্থিত আৰক্ষী, অতিৰিক্ত উপায়ুক্ত 

৯ মহীয়া শিশু কৃতিশ মণ্ডলক দিনৰ ভাগতে জাগীৰোড আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিপৰীতে চনকা গাঁৱৰ বিশাল শইকীয়া (১০)ক লগে লগে স্থানীয় লোকে মায়ঙৰ লোণমাটি ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসক নথকাত শিশুটিৰ মৃত্যু হয়। 

সন্ধিয়া সময়ত প্ৰায় দুই শতাধিক লোকে শিশুটিৰ মৃত্যুক লৈ চিকিৎসালয়খনত উত্তপ্ত পৰিস্থতিৰ সৃষ্টি কৰে। পিছত জাগীৰোড থানাৰ অ'চি দ্বিজেন্দ্ৰ মোহন ডেকা আৰু মৰিগাঁও জিলাৰ অতিৰিক্ত উপায়ুক্ত অনন্ত গগৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। 

স্থানীয় লোকৰ অভিযোগ অনুযায়ী লোণমাটি ৰাজ্যিক চিকিৎসালয়ত প্ৰায় নাথাকে চিকিৎসক। সেয়ে চিকিৎসকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে সকলো। নিশাৰ ভাগত পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাত আৰক্ষীয়ে বিশাল শইকীয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।