নলবাৰীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সা জিলাৰ তামুলপুৰতো নিখিল বড়ো ছাত্র সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি বিশেষ অধিবেশন পালন কৰা হয়৷ ৮ আৰু ৯ জানুৱাৰীত তামুলপুৰ আঞ্চলিক এবছুৰ ৩০ সংখ্যক আৰু মাদাৰবাৰী এবছুৰ ২৬ সংখ্যক অধিবেশন কেন্দ্ৰীয় সোণালী জয়ন্তী বৰ্ষৰ অনুষ্ঠানৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা হয়৷

মাদাৰবাৰী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত অধিবেশনৰ মঙলবাৰে বানেশ্বৰ বড়োৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়৷ তামুলপুৰ জিলা বড়ো সাহিত্য সভাৰ সভাপতি নীলকমল বসুমতাৰীয়ে উদ্ধোধন কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে এবছুৰ কেন্দ্রীয় উপ-সভাপতি ৰোমিও পি নাৰ্জাৰী, বড়ো উইমেন জাষ্টিছ ফৰামৰ অধ্যক্ষা ড০ অঞ্জালী দৈমাৰী উপস্থিত থাকে৷ মুকলি সভাত বক্তাসকলে সুকীয়া ৰাজ্যৰ দাবী সন্দৰ্ভত মাতামত ব্যক্ত কৰি সুকীয়া ৰাজ্য অবিহনে বড়ো সজাতি ক্ষান্ত নহয় বুলি কয়৷

বড়ো ৰাজ্য বিচাৰি নিজৰ প্ৰাপ্য অধিকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে বড়ো সকলৰ সংগ্ৰাম অব্যাহত থাকিব৷ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে ৫০ বছৰে সংগ্ৰাম কৰি আহিছো লাগিলে আৰু সংগ্ৰাম কৰিম বুলি কয় অঞ্জলী দৈমাৰীয়ে৷ বড়োৰ সংগ্ৰাম কোনো জাতি-জনগোষ্ঠী আৰু ধৰ্মৰ বিৰুদ্ধে নহয় বুলি কৈ অধিকাৰৰ সংগ্ৰাম বুলি কয় দৈমাৰীয়ে৷