
ঢেকীয়াজুলিঃ বৌদ্ধধর্মৰ প্রতিষ্ঠাতা গৌতম বুদ্ধই ভোগবাসনা পৰিহাৰ কৰি তপস্যাৰ জৰিয়তে অহিংস পন্থাৰ শিক্ষা দিছিল৷ ঐক্য, সংহতি আৰু শান্তিৰ বাণীৰে হৃদয় জয় কৰাৰ বুদ্ধৰ আহ্বানক আজি গোটেই পৃথিৱীয়ে আকোৱালি লৈছে ৷ সন্ন্যাসী বুদ্ধই প্ৰতিষ্ঠা কৰা বুদ্ধ ধৰ্মই সম্যক সংকল্প, সম্যক বাক, সম্যক আচৰণ, সম্যক জীৱনধাৰণ, সম্যক মনন, সম্যক ধ্যানৰ বাণী বিলাই আহিছে জগতত৷
বুদ্ধং শৰণং গচ্ছামি মন্ত্ৰৰে গুম গুমাই পৃথিৱী৷ ‘বুদ্ধং শৰণং গচ্ছামি, ধম্মং শৰণং গচ্ছামি’ মন্ত্ৰৰে গুম গুমাব শোণিতপুৰ জিলাও৷ দুখ, দুখৰ কাৰণ দুখ নিৰ্বাপণ কৰাৰ মহৎ জীৱন দৰ্শনৰ নীতিৰে মানুহক জড়িত কৰাৰ উদ্দেশ্যে বৰছলা সমষ্টিৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ শিঙৰী পাহাৰত মঙলবাৰে অৰুণাচল প্ৰদেশৰ বিধানসভাৰ অধ্যক্ষ টেনজিং নৰ্বু থাংডুক উপস্থিত হৈ বৌদ্ধ ধৰ্মীয় পৰম্পৰাৰে পূজা-অৰ্চনা কৰে৷
বৰছলাৰ বিধায়ক গণেশ লিম্বু, অৰুণাচলৰ প্ৰাক্তন মন্ত্ৰী ডি কে থানডুক, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত, ঢেকীয়াজুলি ৰাজহ চক্ৰ বিষয়াসহ অৰুণাচলৰ কেইবাগৰাকী বৌদ্ধভিক্ষুক লগত লৈ অৰুণাচল বিধান সভাৰ অধ্যক্ষজনে ধৰ্মীয় পৰম্পৰাৰে শিঙৰী পাহাৰৰ বৌদ্ধ গুহাটোত পূজা-অৰ্চনা আগবঢ়ায়।
ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় অৱস্থিত শিঙৰী পাহাৰত এটা স্থানত প্ৰায় দুশ বছৰৰ পৰাই ভূটীয়া সম্প্ৰদায়ৰ লোকসকলে পৰম্পৰাগতভাবে বুদ্ধৰ পূজা-অৰ্চনা কৰি আহিছে৷ এই স্থানত বিভিন্ন সময়ত ভূটীয়াসকলৰ আগমন ঘটে৷ ভূটীয়াসকলৰ কোনো লোকৰ মৃত্যু হ’লে উক্ত স্থানত আহি পূজা-অৰ্চনা কৰিলে মংগল হয় তথা আত্মাৰ সদগতি হয় বুলি বিশ্বাস কৰে৷ সেই বাবে এই ঐতিহাসিক স্থানটোক সংৰক্ষণ আৰু পৰ্যটনস্থলী ৰূপে গঢ়ি তোলাৰ বাবে অৰুণাচল চৰকাৰৰ কাৰ্যসূচী অনুসৰি বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে উক্ত স্থান পৰিদৰ্শন কৰে৷
উক্ত স্থানত দুয়োখন ৰাজ্যৰ প্ৰতিনিধি আৰু ৰাইজৰ লগত হোৱা মত বিনিময়ৰ অন্তত অৰুণাচল বিধানসভাৰ অধ্যক্ষগৰাকীয়ে এই ঐতিহাসিক স্থানক অসম চৰকাৰ আৰু গুপ্তেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ অনুমতি লৈ সংৰক্ষণ কৰি আটক ধুনীয়াকৈ বৌদ্ধ মন্দিৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা অৰুণাচল চৰকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰে৷
অসম চৰকাৰৰ সহযোগত অৰুণাচল, ভূটান, ডিমাপুৰ, নাগালেণ্ড, মণিপুৰ আদি ঠাইৰ বৌদ্ধ ধৰ্মালম্বী লোকসকলৰ দৰ্শনাৰ্থে পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব বুলিও প্ৰকাশ কৰে৷ এই ক্ষেত্ৰত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই আলোচনাও কৰিব বুলি তেওঁ ঘোষণা কৰে৷ আনহাতে তেঁওক সংগ দিয়া স্থানীয় বৰছলাৰ বিধায়কে গণেশ লিম্বুৱে অৰুণাচলৰ ইতিবাচক পদক্ষেপক আদৰণি জনায় আৰু তেওঁ নিজেও এই ক্ষেত্ৰত সহযোগ আগবঢ়াব বুলি কয়৷
শিঙৰীৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়ৰ কাষতে শিঙৰী পাহাৰত বৌদ্ধ মন্দিৰ নিৰ্মাণৰ বাবে অৰুণাচলে গ্ৰহণ কৰা পদক্ষেপে দুয়োখন ৰাজ্যৰ লগত সম্পৰ্ক অধিক সুদৃঢ় কৰি তুলিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে৷ অৰুণাচল বিধান সভাৰ অধ্যক্ষ টেনজিং নৰ্ব থাংডুকে সাংবাদিকৰ আগত কয় যে অসম-অৰুণাচলৰ মাজত থকা সু-সম্পৰ্ক আৰু ভাতৃত্ববোধ সুদীৰ্ঘ দিন ধৰি চলি আছে আৰু চিৰদিন থাকিব বুলি তেওঁ বিশ্বাস কৰে৷