চাবুৱাঃ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ উন্নয়নৰ কথা সততে কৈ ফুৰা চৰকাৰ খনৰ স্বাস্থ্য বিভাগটোত ঘটিছে কি ? নিতৌ সংঘতিত হৈছে  এটাৰ পিছত এটা কৰুন ঘটনা। বৰপেটা আৰু নদীদ্বীপ মাজুলীৰ পিছত এইবাৰ স্বাস্থ্য বিভাগৰ  অতি  কৰুন দৃশ্য দেখা পোৱা গ'ল স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ জন্মস্থানত ।

চাবুৱাত কেইদিনমানৰ পূৰ্বে এগৰাকী ৰুগীক ঠেলাত কঢ়িয়াই নিয়া কৰুণ দৃশ্য শুকুৰবাৰে সংবাদমাধ্যম প্ৰকাশ পোৱাৰ পিছতেই চাবুৱাৰ দল-সংগঠন জাঙুৰ খাই উঠিছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্মগাঁও বিন্ধাকটাৰ পৰা মাত্ৰ কেই কিলোমিটাৰ মান নিলগত অৱস্থিত জেৰাইৰ দীঘলীবাৰীত সংঘটিত হৈছিল ঠেলাত ৰুগী কঢ়িয়াই নিয়াৰ ঘটনা । 

দীৰ্ঘদিন ধৰি দীঘলীবাৰীত জৰাজীৰ্ণ  হৈ আছে বাট-পথ সমুহ ৷ বাট-পথৰ দুৰাৱস্থাৰ বাবে যাতায়তৰ কোনো ধৰনৰ ব্যৱস্থা নথকাৰ ফলশ্ৰুতিত  প্ৰায় আঢ়ৈ কিলোমিটাৰ পথ ফালগুনী গোৱালা নামৰ ৫৭ বছৰীয়া ৰোগীগৰাকীক ঠেলাত কঢ়িয়াই তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ নিব লগা হয়। উল্লেখযোগ্য য়ে সময়মতে চিকিৎসালয় নোপোৱাত ৰোগীগৰাকীৰ মৃত্যু হয় ৷ 

এনেদৰে ৰোগী কঢ়িয়োৱা দৃশ্য সংবাদমাধ্যমত  প্ৰকাশ পোৱাৰ পিছতে চাবুৱাৰ সচেতন মহলৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিক্ৰিয় প্ৰকাশ কৰিছে ।  কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক দিপনজ্যোতি ফুকনে কয় যে, ‘‘স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগৰ বহু উন্নতিৰ কথা কৈ ফটা ঢোল বজাই থকাৰ সময়তে মুখ্যমন্ত্ৰীৰ জন্মস্থানত এই অতি হৃদয়বিদাৰক দৃশ্যই স্বাস্থ্য বিভাগৰ প্ৰকৃত দৃশ্যটো পোহৰলৈ আনিছে’’৷

এই ঘটনাৰ পিছত সৰ্বত্ৰে চৰ্চিত হৈছে পৰিবৰ্তনৰ কথা কোৱা এইখন চৰকাৰৰ দিনত দীঘলীবাৰীৰ দৰে অঞ্চলৰ ৰাইজৰ ভাগ্য পৰিবৰ্তন হবনে, নে এনেদৰেই আৰু কিমান দিনলৈ এম্বুলেঞ্চৰ পৰিবৰ্তে ৰোগীৰ কঢ়িয়াব লাগিব ঠেলা অথবা চাইকেলত ।