ফখৰুল ইছলাম,খাৰুপেটীয়াঃ দৰঙৰ দলগাঁৱৰ জংঘলপাৰত সোমবাৰে বিয়লি সংঘটিত হয় এক শোকাৱহ ঘটনা। চিলিণ্ডাৰ বিস্ফোৰণ ঘটি ছটাকৈ পৰিয়ালৰ বাসগৃহ জুইত ভস্মীভূত হয়। জানিব পৰা মতে গাঁখনৰ আব্দুল হাই, হাছেন আলি, জয়নাল আব্দিন, ওমৰ আলী আৰু মগৰব আলিৰ ঘৰত এই ঘটনাটো সংঘৰ্টিত হয়।

জুইত জাহ যায় প্ৰায় ত্ৰিশ লক্ষাধিক টকাৰ সা-সম্পত্তি, নগদ ধন,এন আৰ চিৰ লগতে মাটি বাৰীৰ প্ৰয়োজনীয় নথি আৰু আচবাব। ভুক্তভোগীয়ে জনোৱা মতে, চিলিণ্ডাৰ এটা বিস্ফোৰণ হৈ প্ৰথমে এটা ঘৰত জুঁই লাগে আৰু পাছলৈ উক্ত জুয়ে নিমিষতে অন্য পাঁচটাকৈ ঘৰত ছানি ধৰে আৰু মুহুৰ্ততে ঘৰকেইটাৰ ভিতৰত থকা সকলো বয়বস্তু জুঁইত পুৰি ছাই হয়। 

ঘটনাৰ খবৰ পাই স্থানীয় ৰাইজৰ সহযোগত কেইবাটাও চেলু মেছিনেৰে জুই নিৰ্বাপন কৰে যদিও কোনো বয়বস্তু বচাব পৰা নাই। ইফালে, বহু দেৰিকৈ আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়। পৰিয়াল কেইটাৰ এনে দুৰ্দশাত অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।