হোজাইঃ সাংবাদিক অৰিন্দম চৌধুৰী হত্যাৰ ন্যায় বিচাৰি হোজাই জিলাৰ সাংবাদিক আৰু জিলাখনৰ বিভিন্ন প্ৰান্তত থকা সাংবাদিক সংগঠন সমূহৰ সহযোগত হোজাই সদৰ শংকৰদেৱ নগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত  শুকুৰবাৰে দিনৰ ১১ বজাত কলা বেজ পৰিধান কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

হোজাই জিলা সাংবাদিক সন্থাৰ সভাপতি  নিৰঞ্জন চেৰাওগী সম্পাদক লিটু মণি নাথ, সদৌ অসম সাংবাদিক সন্থা চমুকৈ আজুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য ছাদিকুজ জামান, জিলা সমিতিৰ সভাপতি সুব্ৰত চৰকাৰ, সম্পাদক প্ৰণৱ শৰ্মা, জেষ্ঠ সাংবাদিক কৃষলয় দেৱ গোস্বামী, বাচিদ আলম, আব্দুল কাদিৰ, লক্ষ্মন শৰ্মাকে ধৰি বহু কেইটা সংগঠনৰ প্ৰায় অৰ্ধ শতাধিক সাংবাদিক উপস্থিত থাকি প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰায় দুঘণ্টাৰ অন্তত অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত বৰুৱা উপস্থিত হৈ স্মাৰকপএ গ্ৰহন কৰে, স্মাৰকপএ খন লোকসভাৰ অধ্যক্ষা লৈ প্ৰেৰণ কৰে|