
দেৰগাঁও/কাজিৰঙাঃ ০১ মাৰ্চৰ নিশা পিটনিত পানী খাবলৈ নামি এটা প্ৰকাণ্ড গঁড় বোকাত আৱদ্ধ হৈ মৃত্যুক আকোৱালি লোৱাৰ ঘটনাৰ চাঞ্চল্য অব্যাহত আছে ৰজ্যত৷ তাৰ মাজতে মাজুলীৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত লহৰ চাপৰিত শনিবাৰে নিশা পুনৰ চোৰাং চিকাৰীয়ে এটা গঁড় হত্যা কৰি খৰ্গ কাটি নিয়াৰ ঘটনা দেওবাৰে পুৱা পোহৰলৈ অহাত পুনৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যজুৰি৷ গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত লহৰ চাপৰিত নিশা চোৰাং চিকাৰীয়ে গুলীয়াই হত্যা কৰে গঁড়টোক৷ তাৰ পিছতেই চোৰাং চিকাৰীয়ে গঁড়টোৰ খৰ্গ কাটি নিবলৈ সক্ষম হয়৷
চোৰাং চিকাৰীৰ এটা দল নিশাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজুলী এলেকাৰ লহৰ চাপৰিত প্ৰৱেশ কৰি গঁড়টো হত্যা কৰি খৰ্গ কাটি নি উধাও হয় বুলি সন্দেহ কৰা হৈছে৷ গঁড়টো মাইকী গঁড় বুলি জানিব পৰা গৈছে৷ দেওবাৰে পুৱাই লহৰ চাপৰিত একাশ লোকে গঁড়টো পৰি থকা প্ৰত্যক্ষ কৰে৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে এই খন চৰকাৰ গঁড় হত্যা ৰোধ কৰাত বিফল হোৱা বুলি কেতিয়া ঘোষণা কৰিব৷ ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত আঞ্চলিক দল অগপ, বিপিএফ আৰু বিজেপিক ৰাইজে ভোট দিয়াৰ বহু কাৰণৰ মাজৰ এটা গঁড় হত্যা ৰোধো এটা কাৰণ আছিল৷
অগপ, বিজেপি বিপিএফৰ মিত্ৰজোঁটে ২ বছৰ পূৰ্বে বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা মিত্ৰজোঁটৰ চৰকাৰ খনৰ বনজ সম্পদ ৰক্ষাৰ প্ৰতিশ্ৰুতি যেন প্ৰতিশ্ৰুতি হৈ থাকিল৷ চৰকাৰ খনৰ প্ৰায় ২৩ মাহ পাৰ হ’ল যদিও বনজ সম্পদ ৰক্ষা কৰিবলৈ সক্ষম হোৱা নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ বনজ সম্পদ ৰক্ষা কৰাটো দূৰৰ কথা আজিও কাজিৰঙাৰ গঁড় আৰু ৰাজ্যৰ বিভিন্ন ঠাইত হাতীৰ মৃত্যু হৈ আছে৷ ৰাজ্যৰ বিভিন্ন ঠাইত সেউজীয়া পাহাৰ কাটি আজিও বন ধ্বংস কৰি আহিছে একাংশ লোকে৷
নৈৰ বুকু উদং কৰি অবাধ হাৰত খনন কৰিছে বালি আৰু শিলৰ বাবে৷ য’তে ত’তে গঢ়ি উঠিছে বালিৰ অবৈধ মহল। একাংশ ৰাজনৈতিক দলৰ নেতাৰ ছত্ৰছায়াত বালি মাফিয়াই নৈৰ বুকু খান্দি ট্ৰাকে ট্ৰাকে বালি সৰবৰাহ কৰি আহিছে৷ যোৱা ১০ ফেব্ৰুৱাৰীত হোজাইৰ লংকাৰ হাৱাইপুৰত বন বিভাগৰ গাফিলতিৰ বাবে ৰেলৰ খুন্দাত ৪টা হাতীৰ মৃত্যু হোৱাৰ লগতে একেটা নিশাই কাজিৰঙাৰ ষষ্ঠ সংযোজনত বিহালীৰ বাঘমাৰীত এটা গঁড় হত্যাকাণ্ড সংঘটিত হৈছিল।
পুনৰ ২৩টা দিনৰ মূৰকত গোলাঘাট জিলাৰ বোকাখাত ৰাজহ চক্ৰৰ কমাৰগাঁও আৰক্ষী চকীৰ অন্তৰ্গত লহৰ চাপৰিত শনিবাৰে নিশা চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি খৰ্গ কাটি নিলে৷ অসম গৌৰৱ এশিঙীয়া গঁড় হত্যা কৰি অবুজ প্ৰাণী বিধক নিঃশেষ কৰাৰ বাবে চোৰাং চিকাৰীয়ে ইটোৰ পিছত সিটো গঁড় হত্যাকাণ্ড সংঘটিত কৰি গৈছে৷ কিন্তু ইমানৰ পিছতো ৰাজ্য চৰকাৰ খনে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ চৰকাৰৰ সকলো পদক্ষেপেই এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷
চোৰাং চিকাৰীয়ে বন বিভাগৰ নিৰাপত্তা ব্যৱস্থাত ভেঙুচালি কৰি চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আহিছে ৰাজ্যত৷ আনহাতে তৰুণ গগৈৰ চৰকাৰৰ কালত কাজিৰঙাত নতুবা আন ঠাইত গঁড, হাতীৰ হত্যা হলে প্ৰতিক্ৰিয়া-প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছিল যদিও শেহতীয়াকৈ বন বিভাগ তথা ৰাজ্য চৰকাৰৰ গাফিলতিৰ বাবে প্ৰতিদিনে হাতী-গঁড়ৰ মৃত্যু হৈ আছে যদিও ধৰোতা কোনো নাই, মাত দিওঁতা কোনাে নাই৷ একাংশ লোকে ৰাজ্য খনৰ জাতীয়-জনগোষ্ঠীয় সংগঠন সমূহ কিয় নিমাত তাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছে৷