23
Oct
2017

গুৱাহাটীঃকালিকা লগা এটা পথ৷ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ যোৰাবাটৰ ৰাস্তা৷ সঘনাই এই পথত হৈ থাকে দূৰ্ঘটনা৷ দীপাৱলীৰ নিশা একে দিনাই একেটা ৰাস্তাতেই সংঘটিত হৈছিল ১৮ টা কৈ দুৰ্ঘটনা৷
সোমবাৰে পুৱতি নিশাও যোৰাবাটৰ সেই একেটা পথতেই সংঘটিত হ’ল এক ভয়ংকৰ পথ দুৰ্ঘটনা৷ গুৱাহাটী অভিমুখী ত্ৰিশুল ট্ৰেভেলছ বাছ এজেন্সিৰ যাত্ৰীবাহী নৈশ বাছ খনে নিয়ন্ত্ৰণ হেৰুৱাই পৰেগৈ পথৰ কাষৰ ৪০ ফুট দ খাৱৈত৷
যোৰাবাটৰ গণেশ মন্দিৰৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হয়৷ বাছ খনত থকা যাত্ৰী বোৰৰ ভিতৰত ৩৫ জন লোক আহত হোৱাৰ লগতে ৩ জন লোকক সংকট জনক অৱস্থাত জি এম চি এইচত ভৰ্তি কৰোৱা হৈছে৷
উল্লেখযোগ্য যে সোমবাৰে দুপৰীয়ালৈ সেই একেটা পথতেই আৰু তিনিটাকৈ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷