
newsnextone.com | ডিজিটেল ডেস্কঃ ৰাজস্থানৰ জোধপুৰৰ এগৰাকী লোকে ইশ্বৰক সন্তুষ্ট কৰিবলৈ নিজৰ ৪ বছৰীয়া কন্যা সন্তানক ডিঙি কাটি হত্যা কৰে৷ ২৬ বছৰৰ নৱাব আলী কুৰেশ্বী নামৰ লোকজনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ মাংসৰ ব্যৱসায় কৰা নৱাবে শুকুৰবাৰে নিশা নিজ ঘৰতে কন্যা ৰিজৱানক ডিঙি কাটি হত্যা কৰে৷
বৃহস্পতিবাৰে দুপৰীয়া নৱাবে বিভিন্ন সামগ্ৰী কিনি আনি দিয়ে কন্যা ৰিজৱানক৷ নিশা পৰিয়ালৰ সকলোৱে শুই আছিল৷ পৰিয়ালৰ সকলোৱে শুই থকাৰ সময়তে কন্যা ৰিজৱানক নৱাবে কোলাত তুলি ঘৰৰ বাহিৰলৈ ওলাই আহে৷ ওলাই আহি আল্লাহৰ সন্তুষ্ট কৰাৰ বাবে কোৰবাণী দিয়ে৷
সাৰ পোৱাৰ পিছত পত্নীয়ে কন্যাক বিচাৰি নাপায় ইফাল-সিফাল বিচাৰ কৰাত এটা কোঠাত ডিঙি কাটি থোৱা অৱস্থাত ৰিজৱানক উদ্ধাৰ কৰে৷ প্ৰথমাৱস্থাত পত্নীক বুজাবলৈ চেষ্টা কৰে যদিও পত্নীয়ে আৰক্ষীক খবৰ দিয়ে৷
আৰক্ষীৰ সোধ-পোছত কন্যাৰ হত্যাৰ কথা স্বীকাৰ কৰে৷ ৰমজান মাহত আল্লাক সস্তুষ্ট কৰিবলৈ নিজৰ একমাত্ৰ কন্যাক কোৰবাণী দিয়া বুলি কয়৷