পাকিস্তান মূর্দাবাদ,সন্ত্ৰাসবাদ নিপাত যাওক শ্লোগান সম্বলিত বেনাৰ লৈ ছাত্র-ছাত্ৰীৰ মৌন সমদল

তামুলপুৰ:  জম্মু কাশ্মীৰত সন্ত্ৰাসবাদীৰ হাতত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সকলৰ পবিত্ৰ স্মৃতিত তামুলপুৰৰ ছাত্র ছাত্ৰীৰ মৌন সমদল । শংকৰদেৱ বিদ্যা নিকেতন তামুলপুৰৰ ছাত্র ছাত্ৰীসকলে ৰঙিয়া ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাই পথত মৌন সমদল কাৰ্যসূচী ৰূপায়ন কৰে । পাকিস্তান মূর্দাবাদ , হিন্দুস্তান জিন্দাবাদ , সন্ত্ৰাসবাদ নিপাত যাওক আদি শ্লোগান সম্বলিত বেনাৰ পোষ্টাৰ আদি প্ৰদৰ্শন কৰি শিক্ষাৰ্থীসকলে সন্ত্ৰাসবাদৰ বিৰুদ্ধাচৰণ কৰে । এই প্ৰতিবাদী সমদলত আঠ শতাধিক ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।