
newsnextone.com | কাজিৰঙাঃ ৰাজ্যৰ অন্যতম ব্যৰ্থ বিভাগটোৱে হৈছে বন বিভাগ৷ পূৰ্বৰ বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কৈছিল যদিও সুৰক্ষিত কৰিব পৰা নাছিল অসমৰ গঁড়ক৷ নতুনকৈ বন বিভাগৰ দায়িত্ব লোৱা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই নিজে গাড়ী চলাই কাজিৰঙা ভ্ৰমণ কৰি চমক সৃষ্টি কৰি যোৱাৰ পিছতে চোৰাং চিকাৰীয়ে পুনৰ গঁড় হত্যা কৰি কাটি নিলে খৰ্গ৷
প্ৰতিজন বন মন্ত্ৰীয়ে বন মন্ত্ৰীয়ে চমক সৃষ্টিৰ বাবে ন’ ন’ কথা কয় যদিও সকলো ফুটুকৰা ফেনত পৰিণত হয়৷ ব্যৰ্থ বন বিভাগটোৰ বাবে এতিয়া হয়তো বিলুপ্ত হ’ব অআসমৰ এশিঙীয়া গঁড়৷ মাত্ৰ চৰিদিন পূৰ্বে নতুন বন মন্ত্ৰীয়ে নিজেই গাড়ী চলাই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰি অহাৰ পিছতে চোৰাং চিকাৰীয়ে গঁড় হত্যা কৰি কাটি নিলে খৰ্গ৷
বৃহস্পতিবাৰে নিশা বিশ্ব বিখ্যাত অসমৰ এশিঙীয়া গঁড় পুনৰ চোৰাং চিকাৰীৰ হাতত মৃত্যু হ’ব লগা হয়৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কুকুৰকটা পাহাৰত শুকুৰবাৰে পুৱাই উদ্ধাৰ হয় গঁড়ৰ মৃতদেহটো৷ সন্দেহ কৰা মতে বৃহস্পতিবাৰে নিশা গঁড়টো হত্যা কৰি খৰ্গ কাটি নিয়ে৷ মুঠৰ ওপৰত মন্ত্ৰী-চৰকাৰ সলনি হলেও ৰাজ্যৰ গঁড় সুৰক্ষিত নহয়৷ ৰাজ্য চৰকাৰে অসমৰ বানপানী, গৰাখহানীয়া, দৰিদ্ৰতা নিবাৰণ, গঁড় হত্যা ৰোধ আদি বিষয়ত গুৰুত্ব দিব লাগিছিল যদিও হিন্দু-মুছলমানৰ ৰাজনীতি তথা বাংলাদেশৰ পৰা শৰণাৰ্থী আনি অসমত সংস্থাপন কৰাৰ ৰাজনীতি কৰাতহে ব্যস্ত থকা দেখা যায়৷