19
Aug
2018

লিডু: তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কথাচেমা গাঁৱত স্থানীয় জাগুন আৰক্ষীয়ে দিনৰ ভাগত দুজন সৌৰ শক্তি বেটেৰী চোৰক আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন বেটেৰী চোৰ দুটা ক্ৰমে জাগুন পাৰ্বতীপুৰৰ লটিক সোনোৱাল (২৫) আৰু জাগুন কাৰপং পুলীৰ ফুলেশ্বৰ বৰগোহাঁই (২৫) বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, চোৰ কেইটাই সৌৰ শক্তি চাকিৰ চাৰিটাকৈ বেটেৰী নিকতৱৰ্তী এটা লোহা ডেম্পত বিক্ৰী কৰাৰ পাছত লোহা ডেম্পৰ ব্যৱসায়ী জনে স্থানীয় জাগুন আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে চোৰ দুটাক কথাচেমা গাঁৱত হাতে লোতে আটক কৰিবলৈ সক্ষম হয় ৷
দিন দুপৰতে এনেদৰে সৌৰ শক্তিৰ বেটেৰী চুৰি কৰিবলৈ অহা কাৰ্যই এতিয়া অঞ্চলটোত চাঞ্চল্যকৰ সৃষ্টি কৰিছে ৷