নগাঁওঃ বিদ্যালয় এখনৰ প্ৰচীৰ পত্ৰিকা দাপোন স্বৰূপ৷ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা আহৰণৰ সমানে সমানে সাহিত্য-সংস্কৃতি-কবিতা আদি সন্দৰ্ভত সুপ্ত প্ৰতিভা বিকাশৰ সুবিধা পায়৷ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিভা বিকাশৰ লক্ষ্যৰে নগাঁও জিলাৰ খাগৰিজান প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত ৰাইদঙীয়াৰ অগ্ৰণী শিক্ষানুষ্ঠান নসত্ৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাচীৰ পত্ৰিকা আজি উন্মোচন কৰা হয় ৷

এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত প্ৰাচীৰ পত্ৰিকাখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বেথাৰাম বৰাই৷ বিদ্যালয়ৰ সভাকক্ষত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা হাজৰিকাৰ পৌৰহ্যিতত অনুষ্ঠিত এখন সভাত উন্মোচন কৰা হয় পত্ৰিকা খন৷ বিদ্যালয়ৰ সহকাৰী শিক্ষক ভৱেন্দ্ৰ নাথে আঁতধৰা সভাখনত উন্মোচক গৰাকীৰ উপৰিও শিক্ষয়িত্ৰী পাৰিজাত নাথ, পল্লৱী বৰুৱা, পুস্পেন্দ্ৰ কাকতী, ৰাণু দাস কলিতা, নিতাৰাণী গোস্বামীকে ধৰি বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে৷