
সমগ্ৰ ভাৰততে এতিয়া জন্মাষ্টমীৰ বতাহ। অনাদি কালৰে পৰাই ভাৰতীয় সংস্কৃতি কৃষ্ণ কেন্দ্ৰীক। জোতিপ্ৰসাদ আগৰৱালাই সেয়ে তাহানিতে কৃষ্ণ সংস্কৃতিৰ কথা কৈছিল। কৃষ্ণ হৈছে সৃষ্টি তথা উৎসাহৰ প্ৰতীক। কৃষ্ণৰ নিজৰ ভাষাত তেওঁ সদায় ভকত বা কৰ্মীজনৰ অধিন। তেওঁৰ কৃপা লাভ কৰিবলৈ হলে নিৰন্তৰ হৃদয়ত তেওঁক ৰাখি 'হস্তে কৰা কাম মুখে বোলা ৰাম' নীতি গ্ৰহন কৰিব লাগিব।
সাহিত্য সংস্কৃতিকে ধৰি গঠনমূলক কামকাজৰ মাজেদি আমি নিৰন্তৰ তেওঁৰেই সন্ধান কৰি আহিছো। তেওঁৱেই বিশ্ব চৰাচৰ তথা প্ৰকৃতি -জগতৰ কাৰণ। চকুৰে নমনা বালিচাহিৰ পৰা অতিকায় জীৱলৈকে তেওঁৰ নিয়ন্ত্ৰণত চলিব লাগিছে। সমগ্ৰ পৃথিৱীক সৃষ্টি কৰাই নহয় নিয়ন্ত্ৰণো কৰি আছে এই পৰমপুৰুষজনাই। সৰল অৰ্থত দুষ্টক দমন শান্তক পালনেই কৃষ্ণ সংস্কৃতি।
#কোন এইজন কৃষ্ণ
বসুদেৱ যশোদাৰ পুত্ৰ, মথুৰাৰ অহংকাৰী ৰজা কংসৰ ভাগিন, মহাভাৰতীয় যুদ্ধৰ প্ৰধান উদোক্তা, ধৰাধামত দুষ্টক দমন শান্তক পালন কৰোঁতা, পঞ্চপাণ্ডৱৰ দৰে একান্ত ভকত সকলক ক্ষমতাৰ শীৰ্ষবিন্দুলৈ উত্তৰণ ঘটোৱা এটা ঐতিহাসিক চৰিত্ৰ হ'ল কৃষ্ণ, যাৰ জন্ম হৈছিল অহংকাৰী কংসৰ কাৰাগাৰত দৈৱকীৰ গৰ্ভত, জন্মৰ লগে লগে যিজন হৈছিল মাতৃভূমিৰ পৰা বিতাৰিত,
বিপদসংকুলতাৰে যাৰ বাল্যকাল পাৰ হোৱাৰ দৰে - কৈশোৰকাল আৰু যৌৱনকালো গভীৰ উদ্বিগ্নতাৰে ভৰা, সেইজন পৰমপুৰুষৰ ভাৰতভূমিত শান্তিপ্ৰতিষ্ঠাৰ বাবেই অৱতাৰ হৈছিল বুলি যুগে যুগে পূজিত হৈ আহিছে।
সৃষ্টি স্থিতি প্ৰলয়ৰ অধিকাৰী বুলি যুগে যুগে পুজিত এইগৰাকী কৃষ্ণৰ নাম গুন স্মৰণ কীৰ্তন কৰিলে ঘোৰ কলিকালত জীৱই আচৰিতধৰণে মুক্তি লাভ কৰি কৃষ্ণতেই লীন যোৱাৰ সুযোগ মিলে।
সেয়েহে কোৱা হয় এই কলি যুগত পাপী, তাপি, অপৰাধী সকলোৱে আন্তৰিকভাৱে কৃষ্ণ গুন নাম শ্ৰৱন কীৰ্তন কৰিলে শান্তি পাব পাৰে বুলি। এগৰাকী সংযমী ৰাজনীতিজ্ঞ আছিল ভগৱান শ্ৰীকৃষ্ণ।
ভাদ মাহৰ ৰুহিনী নক্ষত্ৰ মঙলবাৰৰ দিনা বিজুলী ঢেৰেকনিৰে ভয় লগা বৰষুণঘন মাজ ৰাতি কংস কাৰাগাৰত গ্ৰেগৰীয়ান কেলেণ্ডাৰমতে খ্ৰীষ্ট পূৰ্ব 3227 বৰ্ষৰ 23 জুনত কৃষ্ণই জন্ম লাভ কৰিছিল।125 বছৰ পাঁচ মাহ কাল জীয়াই থকা কৃষ্ণই বাল্যকাল পুতনা, কালীয়, কুৱলয়, ধেনুকা, অঘাসুৰ, বকাসুৰ আদিক হত্যা কৰি যৌৱনকালত কংস, জৰাসন্ধ, কালযৱন, নৰকাসুৰ, শিশুপাল আদিক হত্যা কৰিব লগা হৈছিল ধৰ্ম ৰক্ষাৰ বাবে।
লগতে কেইবাখনো ঐতিহাসিক যুদ্ধত নিজে উপস্থিত থাকি দুই এটা চল চলনা তথা কৌশলেৰে হলেও সমাজত ধৰ্মৰ জয় অধৰ্মৰ পৰাজয় স্বীকাৰ কৰাই সমগ্ৰ বিশ্বত মানৱতাবাদৰ অন্যতম প্ৰবক্তা হিচাপে যুগে যুগে বন্দিত হৈ আছে এইজনা কৃষ্ণ। দ্বাৰকা, মথুৰা, ব্ৰজধাম গোকুল আদিত নানা কাৰ্য্য সংঘটিত কৰা কৃষ্ণৰ নীতি আছিল 'বহুজন হিতায়চ, বহুজনে সুখায়চ'।
সেয়েহে কোৱা হয় বিগত চাৰি হেজাৰ বছৰ ধৰি ভাৰতীয় ঐতিহ্য সংস্কৃতিত কৃষ্ণই মুখ্য ভূমিকা লৈ আহিছে বুলি।
#সমগ্ৰ বিশ্বত কৃষ্ণৰেই নিৰ্দেশ চলে
মহাভাৰতীয় যুদ্ধকে ধৰি সমগ্ৰ বিশ্বৰ সকলোবোৰ প্ৰাকৃতিক অপ্ৰাকৃতিক ঘটনা-প্ৰৱাহ ভগৱান শ্ৰীকৃষ্ণৰ দ্বাৰাই নিয়ন্ত্ৰিত হৈ থাকে বুলি বিশ্বাস কৰে হিন্দু শাস্ত্ৰসমূহে ।
আনকি পৰমসখা অৰ্জুনৰ পুত্ৰ অভিমন্যুক চক্ৰবেহুৰ ভিতৰত অন্যায়ভাৱে কৰা হত্যা, পুত্ৰৰ নিহতৰ মিছা বাতৰি কৌশলেৰে যুধিষ্ঠিৰৰ দ্বাৰা কোৱাই গুৰু দ্ৰোনাচাৰ্যক হত্যা, সমগ্ৰ সভ্যতা জোকাৰী যোৱা দ্ৰোপদীৰ বস্ত্ৰহৰণেই হওঁক কিম্বা শকুনিৰ পাশাখেলৰ পৰিকল্পনাই হওঁক বা যদুকুল ধ্বংসকে ধৰি কৰ্ণৰ ৰহস্যময় জন্ম বৃতান্তই হওঁক সকলোবোৰ কৰ্ম কাণ্ডই কৃষ্ণ নিয়ন্ত্ৰিত আছিল বুলি আজিও সকলোৱে বিশ্বাস কৰে।
#ৰাজনীতিজ্ঞ কৃষ্ণ
মহাভাৰতৰ পাতে পাতে চতুৰ ৰাজনীতিজ্ঞ কৃষ্ণৰ উদাহৰণ দেখা যায়। যদু বংশজাত শাম বৰনীয়া সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণ আছিল সুকৌশলী, দ্বিমুখী তথা বিদগ্ধ ৰাজনীতিজ্ঞ।
তেওঁৰ দৰে সংস্কাৰমুক্ত ৰাজনীতিজ্ঞ আৰু পৃথিৱীত দ্বিতীয় এজন নাই বুলিছে আজিৰ বিভিন্ন ধৰ্মৰ পণ্ডিত সমাজেও। কৃষ্ণ যদিও বিজ্ঞ, তথাপি ধৰ্মৰ শিক্ষাৰ বাবে গৰ্গমুনিৰ ওচৰত, যুদ্ধ শিক্ষাৰ বাবে সাত্যকিৰ ওচৰত আৰু সৎ পৰামৰ্শৰ বাবে উদ্ধৱৰ ওচৰলৈ প্ৰায়ে গৈছিল।
আচাৰ্য গৰ্গমুনি আৰু শিক্ষাগুৰু সনদীপ মুনিয়ে আৰ্যাৱৰ্তত শিৱ ভক্ত, বৃহদধৰ পুত্ৰ তথা মগধ ৰাজ জৰাসন্ধৰ নেতৃত্বত গঢ়ি উঠা বৃহৎ সাম্ৰাজ্যবাদী শক্তিক অতি শীঘ্ৰে পদানত নকৰিলে ধৰ্ম, শান্তি আৰু মৈত্ৰী স্থাপন কৰি অখণ্ড ভাৰত গঢ়াৰ সপোন কৃষ্ণৰ সফল নহ'ব বুলি উল্লেখ কৰাত জৰাসন্ধ বধৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে কৃষ্ণই।
এই কাৰ্য্যৰ বাবে অৰ্জুন বা ভীমক বাছি ললে কৃষ্ণই। উল্লেখযোগ্য যে, সেইসময়ত ৮৬ জন ৰজাক পৰ্বতৰ গুহাত বন্দী কৰাৰ লগতে আৰু ১৪ জনক বন্দী কৰি একেলগে এশ বন্দী ৰজাক মন্দিৰত বলি দি পূজা কৰাৰ এক আসুৰিক আকাংক্ষা পুহি ৰাখিছিল জৰাসন্ধই।
গতিকে ধৰ্ম ৰক্ষাৰ দিশৰ পৰাও জৰাসন্ধ বধ অতি প্ৰয়োজনীয় কথা আছিলেই কৃষ্ণৰ। গতিকে জৰাসন্ধক বধ কৰি আজন্ম শত্ৰুজনক পৃথিৱীৰ পৰা চিৰবিদায় জনোৱাৰ হেপাহ কাৰ্য্যকৰীকৰণ কৰিছিল শ্ৰীকৃষ্ণই ভীমৰ যোগেদি।
জৰাসন্ধৰ দৰে আন এগৰাকী চেদী ৰাজ শিশুপালৰ হত্যাও(কাৰণ নৰকাসুৰক হত্যাৰ বাবে প্ৰাগজোতিষপুৰত ব্যস্ত থাকোতে জৰাসন্ধৰ প্ৰিয়পাত্ৰ হ'বলৈ দ্বাৰকা নাগৰী পুৰি চাৰখাৰ কৰিছিল শিশুপালে) শ্ৰীকৃষ্ণৰ বাবে সেইসময়ত বৰ দৰকাৰী কথা আছিল বাবেই শিশুপালকো হত্যা কৰি নিজৰ লগতে দহৰ উপকাৰ সাধিছিল, ধৰ্মও ৰক্ষা পৰিছিল ।
'ৰাজনীতিজ্ঞ শ্ৰীকৃষ্ণ' গ্ৰন্থখনত হেৰম্ব নাথ শইকীয়াই সেয়েহে লিখিছে- 'জৰাসন্ধ আৰু শিশুপাল বধৰ পাছৰ আৰ্য্যবৰ্ত্তত কৃষ্ণৰ প্ৰতিদণ্ডী নাইকিয়া হ'ল।
বাকীবোৰ কথালৈ নগৈ জৰাসন্ধৰ লগত কৃষ্ণৰ শত্ৰুতা,গান্ধাৰীৰ কৃষ্ণ অভিশাপ, ৰহস্যময় পৰিবেশত যদুকুল ধ্বংস এই তিনিটা ঘটনালৈ চালেই সমগ্ৰ মহাভাৰতীয় ইতিহাস যে কৃষ্ণ কেন্দ্ৰীভূত তাক সহজে বুজিব পাৰি।
--ধীৰেন শইকীয়া