newsnextone.comবাক্সা জিলাৰ নাগ্ৰীজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ বৰ্তমান অব্যাহত আছে। বনৰীয়া হাতীৰ বৃহৎ দলৰ এটিৰ বিচৰণে নাগ্ৰীজুলি অঞ্চলত তীব্ৰ সন্ত্ৰাস সৃষ্টি কৰিছে। বৃহস্পতিবাৰে নিশা বনৰীয়া হাতীৰ বৃহৎ দল এটাই নিশা নাগ্ৰীজুলিস্থিত খাটৰবাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত প্ৰৱেশ কৰাৰ লগতে ভঁৰাল ঘৰটোৰ পকী বেৰ ভাঙি ঘৰটোৰ ভিতৰত থকা বহু পৰিমানৰ মাধ্যাহ্ন ভোজনৰ চাউল আৰু দুই বস্তা দাইল খাই পেলায়।

বনৰীয়া হাতীৰ জাকটোৱে খাটৰবাৰী চকতো উপদ্ৰৱ চলাই কেইবাখনো দোকান ভাঙি দোকানৰ ভিতৰৰ বস্তু খোৱাৰ লগতে অনিষ্ট কৰে। হাতীৰ জাকটোৱে বাল্টিপাৰ গাঁৱতো প্ৰৱেশ কৰি কেইটাও পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙে। ঘৰৰ ভিতৰত থকা ধান-চাউল খাই তহিলং কৰে।

আনহাতে ভাৰত ভূটান সীমান্ততৰ কুমাৰীকাটাৰ চেচাপানীত বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত অহা হাতীৰ জাকটোয়ে নিশা প্ৰায় ৮ বজাত বিপুল বড়ো, বুদ্ধা উৰাং , তৰুণ বসুমতাৰী, নয়ন ভট্টৰায় ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে।

ইপিনে কুমাৰীকাটাৰ শিংৰামাৰী গাঁৱত পুৱাৰে পৰাই এটা বৃহৎ আকাৰৰ বনৰীয়া হাতীয়ে এজন লোকৰ বাৰীত মুক্ত ভাৱে বিচৰণ কৰি আছে । যাৰ ফলত স্থানীয় লোক আতংকিত হৈ পৰিছে আৰু বৰ্তমানলৈকে হাতীটো খেদিবলৈ বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই।