26
May
2021

???
=======
দাসত্বৰ পৰা মুক্ত হৈ
এদিন আগুৱাব খুজিছিল সিহঁত
সিদিনা এন্ধাৰ নাছিল
নিজৰ দৰে চেকুৰাইছিল ঘোঁৰা
সিদিনা আকাশখন ফৰকাল নাছিল
সিহঁতবোৰে জুখিবলৈ চেষ্টা কৰিছিল
আকাশৰ উদাৰতা
আকাশখনৰ এফাল
দাবীও কৰা নাছিল
আকাশৰ বিপক্ষেও কোৱা নাছিল
অথচ্ নিৰ্বাক
জোঁট লগা চুলিবোৰৰ দৰে কথাবোৰ
কথাবোৰৰ মাজত লুকাই থকা
অতবোৰ কথাৰ সমিধান নাই
সমাজত খাব নোপোৱা জাত সিহঁতবোৰ !!!
সিঁহতবোৰে__
আকাশৰ এফাল দাবী কৰা নাছিল
ৰ'দবোৰ টানি আজুৰি চিৰাচিৰ কৰা নাছিল
মলিয়ন কাপোৰযোৰ যদি সিহঁতৰ শত্ৰু
এনেবোৰশত্ৰুৰচাৰিবেৰতভগৱানথাকে
কথাবোৰৰ মাজত হেৰাই থাকে বহুকথা
আকাশখন কাৰো নহয় বুলি ভবাটোও
সিহঁতৰ ভুল নাছিল
তেন্তে ভুল ক'ত
জীৱনত নে জীয়াবলৈ!!
কবিঃ উৎপল কুমাৰ চক্ৰৱৰ্তী