মৰাণঃ ডিব্ৰুগড় জিলাৰ দুলিয়াজান সমষ্টিৰ বামুনিকুৰীয়া আৰু ধমন গাওঁ পঞ্চায়তৰ অন্তৰ্গত চেঁচাবিল অঞ্চল। বুঢ়ীদিহিং নদীৰ পাৰত অৱস্থিত অঞ্চলটোৰ জীৱন নিৰ্বাহৰ একমাত্ৰ ভৰষা হল কৃষি। ধান, শাক-পাচলি আৰু দুগ্ধ উৎপাদনত সুনাম থকা অঞ্চলটোৰ আজিও বিভিন্ন সমস্যাৰে জৰ্জৰিত।

চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা অঞ্চলটোৰ যাতায়ত ব্যৱস্থা আজিও পঁয়া লগা। বৰ্তমান অঞ্চলটোলৈ সোমাই যোৱা পথছোৱাৰ অৱস্থা যাতায়তৰ বাবে তেনেই অনুপযোগী। বুঢ়ীদিহিং নদীৰ এৰাসুঁতিৰ ওপৰত পঞ্চয়তৰ যোগেদি এখন কাঠৰ দলং নিৰ্মান কৰাইছিল যদিও সেইয়া অঞ্চলটোৰ ৰাইজৰ বাবে সুচল নহয় কাৰণ ঠেক কৈ বনোৱা এই দলঙৰ ওপৰেদি ইয়াৰ বাসিন্দা সকলে সৰু যান বাহনৰ বাদে অন্য কোনো ডাঙৰ যান বাহন ওলোৱা সোমোৱা কৰিব নোৱাৰে।

যাৰ ফলত অঞ্চলটোৰ কৃষিজীৱী ৰাইজে বাৰিষা-খৰালি সকলো সময়তে সীমাহীন সমস্যা মাজেৰে যাতায়ত ব্যৱস্থা অব্যাহত ৰাখিব লগা হৈছে। পৰিবৰ্তনৰ লক্ষ্যৰে দিছপুৰ দখল কৰা ৰাজ্য চৰকাৰৰ কৃপাত অঞ্চলটোৰ বহুত পৰিয়ালে আজিও দেখা পোৱা নাই বিজুলী চাকিৰ পোহৰ।

যাৰ ফলত আজিও চেঁচাবিল বাসী ৰাইজে তাহানিৰ দিনৰ টিপ চাকিৰ পোহৰতে দিন অতিবাহিত কৰিব লগা হৈছে। আনহাতে অঞ্চলটোৰ ৰাইজে খৰালি দিনৰ বাদে বাৰিষাৰ সময়ছোৱাত পোহৰৰ বিকল্প উৎস কেৰাচিন তেলকনো সময় মতে নাপাই একমাত্ৰ যাতায়তৰ দুৰৱস্থাৰ বাবে। ফলত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰী সকলে ফুট গধূলিতে বিচনাত পৰিব লগা হয়। কৃষি কৰ্মৰ ওপৰতে নিৰ্ভৰ কৰি জীৱনৰ বুনিয়াদ গঢ়া অঞ্চলটোত নাই কোনো পশু চিকিৎসালয়। যাৰ ফলত বানে ধোৱা অঞ্চলটোৰ ৰাইজে খেতি খোলাৰ একমাত্ৰ সম্বল গৰু-মহ আৰু পোহনীয়া জন্তুসমূহ অকালতে হেৰুৱাব লগা হয়।

আনহাতে ধান আৰু অন্যান্য শাক পাচলিৰ উৎপাদনত সুনাম থকা অঞ্চলটোত বৰ্তমানেও কৃষি বিভাগৰ কোনো আঁচনিয়ে স্পৰ্শ কৰিব পৰা নাই। আনহাতে নৈ পৰীয়া অঞ্চলটোত চিকিৎসা ব্যৱস্থা উন্নত নোহোৱাত সামান্য অসুখ এটা হ’লেই প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট অতিক্ৰমী লেঙেৰী অথবা নাহৰণি লৈ ঢাপলি মেলিব লগা হয়। মাত্ৰ নিৰ্বাচনৰ আগত ভোট ভিক্ষা কৰিবলৈ অহা জনপ্ৰতিনিধিৰ মুখ দেখা অঞ্চলটোত খোৱা পানীৰো কোনো সু-ব্যবস্থা নাই যাৰ ফলত আইৰণ যুক্ত পানী পান কৰিব লগাত বহু লোক মহামাৰী ৰোগৰ বলি হ’ব লগা হৈছে।

অত্যধুনিক সা-সুবিধাৰ পৰা বঞ্চিত অঞ্চলটোত বিগত সময়ত বানপানী আৰু গৰা খহনীয়াই জ্বলা কলা খুৱাই আহিছে। খহনীয়াৰ কৱলত পৰি অঞ্চলটোৰ বহু কৃষকে মাটি-ভেটি হেৰুৱাই যাযাবৰী জীৱন যাপন কৰিব লগা হৈছে। বিভিন্ন সমস্যৰে ভৰপূৰ অঞ্চলটোৰ সমস্যাবোৰ অতি সোনকালে সমাধান কৰিবলৈ স্থানীয় বিধায়ক তথা অসম চৰকাৰক দাবী জনাইছে অঞ্চলটোৰ ৰাইজে।