নামতিঃ পখিলা খেদা বয়সতে এতিয়া শয্যাগত হ’বলগীয়া হৈছে এতি কনমানি শিশু। জন্মৰ পৰাই হৃদৰোগত আক্ৰান্ত ৭ বছৰীয়া কণমানিটিৰ ঘৰ শিৱসাগৰ জিলাৰ নামতি পুলৰ কমাৰচুক ডিব্ৰুৱাল গাঁৱত। জন্মৰে পৰা উশাহ নিশাহত কষ্ট পোৱা কণমানিটিক পিতৃ উৎপল গগৈ আৰু মাতৃ চুমি গগৈয়ে চিকিৎসা কৰাইছে শিৱসাগৰ, ডিব্ৰুগড় আৰু গুৱাহাটীৰ বিভিন্ন চিকিৎসালয়ত৷

কিন্তু চিকিৎসকৰ এটাই উত্তৰ৷ অসমত নহয় তিকিৎসা৷ কণমানিটিৰ জীৱন ৰক্ষা কৰিব বিছাৰিলে নিব লাগিব বাহিৰলৈ৷ কিন্তু দৰিদ্ৰ পৰিয়ালটোৰ হাতত নাই পৰ্যাপ্ত ধন৷ যিখিনি আছিল, সেয়াও ইতিমধ্যে কণমানিটোৰ চিকিৎসাতে শেষ হৈ থাকিল৷ এতিয়া আৰ্থিক অনাটনৰ বাবে বাহিৰলৈ নি চিকিৎসা কৰিব নোৱাৰাত এতিয়া পখিলা খেদাৰ বয়সতে তিলতিলকৈ মৃত্যুৰ মুখলৈ আগবাঢ়িছে কণমানিটো৷

আৰু এই দৃশ্য প্ৰতিদিনে প্ৰত্যক্ষ কৰি চকুপানীৰে নধৰা হৈছে পিতৃ-মাতৃৰ চকু৷ নিজৰ কন্যা সন্তানটিক মৃত্যুৰ গৰাহৰ পৰা ঘুৰাই আনিবলৈ আজি সংবাদ মাধ্যমৰ যোগেদি শিশুটিৰ পিতৃ-মাতৃয়ে স্বাস্থ্য মন্ত্রী ড০ হিমন্তবিশ্ব শর্মাৰ স্বাস্থ্য বিভাগটোৰ সহযোগিতা কামনা কৰিছে৷

শিশুটিৰ আৰোগ্যৰ হেতু দুৰ্ভগীয়া পিতৃ-মাতৃয়ে সুহৃদ লোকসকলোৰো সহায় কামনা কৰিছে৷ শিশুটিক সহায় কৰিব বিচাৰিলে ৯৮৫৯৯৬৯০৭৯ নম্বৰত যোগাযোগ কৰিব পাৰে।