দলংঘাটঃ মৰমলগা পানী কেচুৱা এটি। বয়স মাত্ৰ ৮ মাহ। মা বুলি মাতিব নোৱাৰোতেই দুৰাৰোগ্য ৰোগত আক্ৰান্ত। তাৰ আক্ৰান্ত শৰীৰৰ চিৎকাৰত বুকু ভাঙি পেলায় সকলোৰে। শিশুটিক লৈ দিক বিদিক হেৰুৱাই পেলাইছে পৰিয়াল তথা গাওঁবাসীয়ে।

সকলোৱে শিশুটিৰ আৰোগ্যৰ বাবে মন্দিৰত চাকি জ্বলাই ভগৱানক খাতিছে। যোৱা ২৬ জানুৱাৰী তাৰিখে দৰং জিলাৰ কলাইগাঁৱ সমষ্টিৰ অন্তৰ্গত দলংঘাটৰ কাৱৈমাৰি গাঁৱত জন্ম লাভ কৰিছিল দেৱ শিশুটিয়ে।

জন্মৰ পিছত চক্ৰধৰ নাথ আৰু ডালিমী নাথে সন্তানটিক প্ৰদান কৰিছিল পলিঅ’ আৰু প্ৰয়োজনীয় টিকাকৰণ। জন্মৰ কিছুদিন পিছতে হঠাৎ শিশুটি অসুস্থ হৈ পৰে আৰু লগে লগে শিশুটিক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই।

কিন্তু তাৰ পৰা উন্নত চিকিৎসাৰ বাবে চিকিৎসকে প্ৰেৰণ কৰে গুৱাহাটী মেডিকেল কলেজ হস্পিটাললৈ। কিন্তু অৱশেষত আজি ৫ দিন মান আগতে গুৱাহাটী মেডিকেল কলেজৰ চিকিৎসকে শিশুটিৰ অভিভাৱক জনায় দুৰাৰোগ্য ৰোগত আক্ৰান্ত সেই দু-সংবাদটি।

বৰ্তমান ৰক্ত কেঞ্চাৰত আক্ৰান্ত দেৱ শিশু ধনজিৎ নাথ। এতিয়া দিক বিদিক হেৰুৱাই শোকত ভাগি পৰিছে শিশুটিৰ অভিভাৱক। কাৰণ একেবাৰে দৰিদ্র পৰিয়ালটো অক্ষম হৈ পৰিছে শিশুটিক উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ নি চিকিৎসা কৰাবৰ বাবে।

এতিয়া পৰিয়ালটোৰ শেষ ভৰষা অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা স্বাস্থ্য বিভাগ৷ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে যাতে শিশুটিক চৰকাৰী আঁচনিৰ জৰিয়তে উন্নত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰি সুস্থ কৰি তোলে তাৰ বাবে শিশুটিৰ মাক-দেউতাকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছে৷