গোগামুখঃ আৰক্ষী বুলিলেই সাধাৰণতে সকলোৱে নেতিবাচক ভাবেই মনলৈ আনে। কিন্তু এপাচি শাকত এটা জলকীয়া আখ্যা পোৱা এনে এজন আৰক্ষী কনিষ্টবল হৈছে মাখন কুম্বাং। এইগৰাকী কনিষ্টবলে নিজৰ কৰ্মনিষ্ঠা আৰু সততাৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হৈছে।

ধেমাজি জিলাৰ গোগামুখ থানাত কনিষ্টবল হিচাপে কৰ্মৰত এইজন ব্যতিক্ৰমী আৰক্ষী। ব্যতিক্ৰমী গুণৰ বাবে দেওবাৰে সদৌ অসম জন জাতি ছাত্ৰ সন্থাই গোগামুখ মহাবিদ্যালয় প্ৰাংগণত তেওঁক সম্বৰ্ধনা জনায়।

থানাখনৰ যান-বাহন শাখাৰ কনিষ্টবল কুম্বাঙে নিষ্ঠা আৰু সততাৰে ৰাইজলৈ যি সেৱা আগবঢ়াই আহিছে সেয়া প্ৰত্যক্ষ কৰি আপ্লুত হৈ পৰিছে গোগামুখৰ লগতে সমগ্ৰ ধেমাজিবাসী ৰাইজ।

যি সময়ত অসমত একাংশ যান-বাহন আৰক্ষীয়ে ট্ৰাক-বাছৰ লগতে বিভিন্ন গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ সততে উত্থাপিত হৈ আহিছে, তেনে সময়তে এইজন ব্যতিক্ৰমী কনিষ্টবলৰ কৰ্তব্য নিষ্ঠাত মুগ্ধ হৈ পৰিছে ৰাইজ।

মাখনে পুৱা-গধূলি ডিউটিলৈ আহিয়েই ট্ৰেফিক পইন্টটোৰ লগতে চৌপাশে পৰিষ্কাৰ কৰাটো নিত্য নৈমিত্তিক দায়িত্বৰূপে পালন কৰি আহিছে।

ছাত্ৰ-ছাত্ৰী, বয়োজ্যেষ্ঠ আৰু শিশুসকলক সহায় কৰাটো হৈছে মিঠামুখীয়া এইগৰাকী আৰক্ষীৰ হবি। সদাহাস্য এইগৰাকী আৰক্ষী কনিষ্টবলৰ কৰ্ম-অনুৰাগ দেখি প্ৰত্যকেই এবাৰ হ’লেও প্ৰশংসা কৰিবলৈ বাধ্য হয়।