21
Sep
2017

দলংঘাটঃ ১১ টা বছৰে শ্বহীদক সুৱৰি আহিছে দৰং জিলাৰ দিপিলা চ’কৰ এজন শিক্ষকে৷ কেৱল দেশ প্ৰেমেৰে উদ্ধুব্ধ হৈ সুদীৰ্ঘ বছৰ ধৰি শ্বহীদৰ বেদীত বন্তি প্ৰজ্বলন কৰি নিজৰ দেশভক্তিৰ প্ৰমান দিবলৈ সক্ষম হৈছে নৃপেন কুমনাৰ কলিতাই৷
দেশৰ হকে আত্মবলিদান দিয়া শ্বহীদ সকলৰ কৰ্মক সুঁৱৰি খটৰা প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক কলিতাই ২০০৬ চনৰ পৰাই দিপিলা চ’কৰ মাজ মজিয়াৰ শ্বহীদ বেদীত সশ্ৰদ্ধ বন্তি প্ৰজ্বলন কৰি আহিছে৷
আনহাতে কলিতাৰ এনে নিষ্ঠা আৰু দেশভক্তি অঞ্চলৰ বাবে এক দৃষ্টান্ত হৈ পৰিছে৷ সুদীৰ্ঘ কাল এনেদৰে শ্বহীদক স্মৰণ কৰা নৃপেন কুমাৰ কলিতা অঞ্চলটোক বাবে আদৰ্শ ব্যক্তি৷