
তুলসীবাৰীঃ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীত এটি দৰিদ্ৰ পৰিয়ালৰ কিশোৰ এজন আৰ্থিক অনগ্ৰসৰতাৰ বাবে দীৰ্ঘদিন ধৰি সু-চিকিত্সাৰ পৰা বঞ্চিত হৈ বন্দীত্বৰ জীৱন কটাই অহা ঘটনা পোহৰলৈ আহিছে৷ পোহনীয়া জীৱ-জন্তুৰ দৰে ৰছীৰ বান্ধোনত শৈশবৰ দেওনা অতিক্ৰম কৰা কিশোৰ সন্তানটিক উপযুক্ত চিকিৎসা কৰাবলৈ অপৰাগ পৰিয়ালটোৱে এনেদৰে কয়দীৰ দৰে ৰাখিবলৈ বাধ্য হৈছে।
এনে এক অমানবীয় কাণ্ডৰ বলি হৈ অহা কিশোৰ জন হৈছে দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা নুৰুল আমিনৰ ১৭ বছৰীয়া পুত্ৰ আনোৱাৰ হুছেইন৷
শৈশৱৰপৰা মানসিকভাৱে অসুস্থ হৈ অহা আনোৱাৰক অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসা কৰাৰ ক্ষেত্ৰত অক্ষম পৰিয়ালটো। দিন মাহ বছৰ অতিক্ৰম কৰা আনোৱাৰক লৈ উপায়ন্তৰ বিহীন হৈ পৰা পিতৃ-মাতৃয়ে অৱশেষত ঘৰৰ খুঁটাত ৰছীৰে বান্ধি থবলৈ আৰম্ভ কৰে। যাৰ ফলশ্ৰুতিত সোণালী শৈশৱ আৰু কৈশোৰৰ ৰঙীন জীৱন আবদ্ধ হৈ পৰে বান্ধোনৰ পৰা মুক্ত হ'বলৈ আপ্ৰাণ চেষ্টা চলোৱা আনোৱাৰৰ।
এনে এক প্ৰেক্ষাপটত উপায়ন্তৰ হৈ পৰা দৰিদ্ৰ পৰিয়ালটোৱে অসহায় সন্তানটিৰ সোণালী কৈশোৰৰ ৰং ঘুৰাই অনাৰ কামনাৰে উপযুক্ত চিকিৎসাৰ বাবে সহায় বিছাৰিছে। কোনো সুহৃদয়বান লোকে সাহায্য আগবঢ়াব বিচাৰিলে SBI ৰ ৰঙিয়া শাখাৰ ৩৬২২০৮০৭৮৬৮ নম্বৰ একাউন্টত ধন জমা দি সহায়ৰ হাত আগবঢ়াবলৈ দৰিদ্ৰ পৰিয়ালটোৱে আহ্বান জনাইছে৷