গুৱাহাটীঃ "মই শেৱালি কলিতাই মোৰ ছোৱালী মণিকংকণা কলিতাক যোৱা ২৯ তাৰিখে মূৰৰ বিষ আৰু জ্বৰ উঠি থকাৰ বাবে নাওকাটা PHCত লৈ গৈছিলো৷ প্ৰায় ১০.১৫ বজাত উপস্থিত হৈছিলো৷ সেই সময়ত কোনো ডাক্তৰ উপস্থিত নাছিল৷ কিছু সময়ৰ পিছত মেডিকেলৰ এজন কৰ্মচাৰীয়ে ডাঃ পি তালুকদাৰৰ ৰুমলৈ যাব দিয়ে৷ ডাঃ তালুকদাৰক তেজ পৰীক্ষাৰ কথা সুধিছিলো৷ তেখেতে মোক তেজ পৰীক্ষা কৰিবলৈ মানা কৰিলে৷ আৰু মোক আয়ুস্মান ডায়গনেষ্টিক চেন্টাৰৰ বাইহাটা চাৰিআলিৰ ঠিকনা দিলে আৰু তাতে মণিকংকণাক ইউএছজি কৰিবলৈ কয়৷ আমি দুই তিনিবাৰ তেজ পৰীক্ষাৰ কথা ক'লো। কিন্তু তেওঁ গুৰুত্ব আৰোপ নকৰিলে৷ তেওঁ মোৰ পৰা ১০০ টকা বিচাৰিছে মই এশটকাও দিলো৷ কিন্তু চৰকাৰী মেডিকেলত এশটকা, মই আচৰিত হ'লো৷ তেওঁ উত্তৰত ক'লে মেডিকেল পূজাৰ বাবে দুদিন বন্ধ থাকিব৷ তেওঁ মেডিকেলত প্ৰতিজন ৰোগীৰ পৰা এনেদৰে ১০০ টকা লৈ আছে৷"

আপুনি হয়তো একে উশাহতে কথাখিনি পঢ়িলে৷ আমি কোনো ধৰণৰ সম্পাদনা কৰা নাই কথাখিনিৰ৷ এই কথাখিনি newsnextone.comৰ এগৰাকী সম্পাদকৰ হোৱাটছএপত এখন কাগজত লিখি চিঠি আকাৰে নিজকে শেৱালি কলিতা বুলি পৰিচয় দি প্ৰেৰণ কৰে৷ দীঘলিপাৰ ডাকঘৰ, মহৰিপাৰা বুলি চিঠিখনৰ তলৰ ফালে ঠিকনাও উল্লেখ কৰে৷ চিকিৎসকে উকা কাগজত লিখি দিয়া বিধানপত্ৰখন আৰু ডায়গনেষ্টিক চেন্টাৰৰ নাম থকা পেডখন ফটো মাৰি আমালৈ প্ৰেৰণ কৰে৷

৩০ ছেপ্তেম্বৰৰ নিশা প্ৰায় ৯.৩০ বজাত আমালৈ এনেদৰে চিঠিখন প্ৰেৰণ কৰাৰ পিছতে ঘটনা সন্দৰ্ভত আমি অনুসন্ধান কৰো৷ ঘটনা সন্দৰ্ভত নাওকাটা অঞ্চলৰ যুৱকৰ সহায়ত আমাৰ সাংবাদিকে ঘটনাৰ সত্যতা জানিবলৈ সক্ষম হয়৷ বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰ আৰক্ষী থানা এলেকাৰ গোৰেশ্বৰ টাউনৰ পৰা উত্তৰে প্ৰায় ৫ কিঃ মিঃ নিলগৰ নাওকাটাৰ সমীপৰ দীঘলিপাৰ গাঁৱত ঘৰ মহিলাগৰাকীৰ৷ মহিলাগাৰাকীৰ স্বামী গোলাঘাটৰ এখন ৰেষ্টুৰেন্টত ৱেইটাৰ হিচাপে কাম কৰে৷

স্বামীয়ে ঘৰৰ পৰা দূৰত থাকিব লগা হোৱা বাবে দৰিদ্ৰ মহিলাগৰাকীয়ে ঘৰখন চাব লগা হয়৷ এটি কন্যা আৰু এটি পুত্ৰসহ তেওঁলোকৰ দুটি সন্তান৷ প্ৰথম সন্তান মণিকংকণা কলিতা নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী৷ ২৯ চেপ্তেম্বৰ অৰ্থাৎ দুৰ্গা পূজাৰ অষ্টমীৰ দিনা মণিকংকণাৰ তীব্ৰ জ্বৰ উঠে৷ কিছু সময় পিছতে মাতৃ শেৱালিয়ে তাইক ঘৰৰ পৰা কিছু নিলগৰ নাওকাটা প্ৰাথমিক চিকিৎসালয়লৈ চিকিৎসাৰ বাবে লৈ যায়৷মণিকংকণা আৰু মাতৃ শেৱালিয়ে চিকিৎসালয়ৰ দুৱাৰ-খিৰিকি বন্ধ হৈ থকা প্ৰত্যক্ষ কৰি কিছু সময় চিকিৎসালয়ৰ চোতালত ৰৈ থাকোতে এগৰাকী যুৱক আহি যদি চিকিৎসাৰ বাবে আহিছে তেন্তে ডাঃ পি তালুকদাৰৰ আৱাসগৃহলৈ যাবলৈ কয়৷

যুৱকজনৰ কথা মতে মাতৃ-কন্যাই চিকিৎসালয় চৌহদতে লাগি থকা চিকিৎসক তালুকদাৰৰ কোঠালৈ যায়৷ তালুকদাৰ নামৰ চিকিৎসকগৰাকীয়ে এখন উকা কাগজত তেওঁলোকক বিধানপত্ৰ লিখি দিয়াৰ লগতে নিজৰ বেগৰ পৰা বাইহাটা চাৰিআলিৰ ডায়গনষ্টিক চেন্টাৰৰ এখন পেড উলিয়ায় USG কৰিবলৈ পৰামৰ্শ দিয়ে৷ ইমানে নহয় চিকিৎসকগৰাকীয়ে দুৰ্গা পূজাৰ বাবে দুদিন চিকিৎসালয় বন্ধ থকাৰ বাবে তেওঁলোকৰ পৰা ১০০ টকা বিচাৰে৷ মহিলাগৰাকীয়ে ১০০ টকা দিবলৈ বাধ্যও হয়৷ মহিলাগৰাকীয়ে অভিযোগ কৰা মতে তেওঁলোকৰ সন্মুখতে এগৰাকী মলিয়ন কাপোৰ পিন্ধি কোলাত এটি কেচুৱা লৈ চিকিৎসাৰ বাবে অহা মহিলা এগৰাকীৰ পৰাও তেনেদৰে এশ টকা লয়৷

আমাৰ অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি চিকিৎসালয় চৌহদৰ সমীপত থকা কেইখনমান ফাৰ্মাচীৰ সৈতে চিকিৎসালয়খনৰ চিকিৎসক-কৰ্মচাৰীৰ বেছ ভাল সম্পৰ্ক আছে৷ একাংশ চিকিৎসকে চিকিৎসালয়ত কম সময় দিয়াৰ পৰিৱৰ্তে ফাৰ্মাচীত হে বেছি সময় দিয়ে৷ আমাৰ সাংবাদিকে প্ৰত্যক্ষ কৰা অনুযায়ী চিকিৎসালয় চৌহদত সোমাব পৰাকৈ ফাৰ্মাচীৰে আছে সুৰংগ সদৃশ পথ৷ চিকিৎসালয়ত চিকিৎসা সেৱা কৰাতকৈ একাংশ চিকিৎসা কৰ্মীয়ে অৰ্থৰ লোভত ফাৰ্মাচীৰে হলি-গলি ৰাখি আহিছে৷

বিটিএডিৰ ভাৰত-ভূটান সীমান্তৱৰ্ত্তী নাওকাটা অঞ্চলৰ বিভিন্ন ৰোগৰ প্ৰাৰ্দূভাৱ হয় যদিও ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দৰিদ্ৰ মহিলাগাৰীকয়ে চিঠি আকাৰে সমগ্ৰ ঘটনা বিৱৰি প্ৰেৰণ কৰাৰ পিছতে newsnextone.com এ বিষয়টো গুৰুত্বসহকাৰে লৈ অনুসন্ধান কৰাৰ পিছতে গ্ৰামাঞ্চলৰ স্বাস্থ্য বিভাগত যে পৰিৱৰ্তনৰ নামত প্ৰহসনহে চলি আছে সেয়া স্পষ্ট হৈ পৰিছে। এতিয়া এনে প্ৰহসন দূৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়েহে ক'ব।