
গোৰেশ্বৰঃ চিকিমৰ সুউচ্চ থিং চিং খাং শৃংগ যাৰ উচ্চতা ২০,০১৩ ফুট। এই শৃংগ আৰোহণৰ লক্ষ্যৰে আজি ৰাওনা হৈছে বাক্সা জিলাৰ গোৰেশ্বৰৰ শিখৰ এডভেঞ্চাৰ ক্লাৱৰ পাঁচজনীয়া এটা দল।
এই উপলক্ষে ১ অক্টোবৰত গোৰেশ্বৰত অভিযানকাৰী দলটোৰ যাত্ৰাৰ পূৰ্বে ফ্লেগ অফ কৰে গোৰেশ্বৰ ই ১০ বেটালিয়নৰ চিআৰপিএফ কেম্পৰ অচি প্ৰশান্ত সিংহই। ফ্লেগ অফ কৰি সিংহই দুঃসাহসিক অভিযানকাৰী দলটোলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁলোকৰ এনে অভিযানে ৰাজ্যৰ দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব বুলি আশা কৰে।
কাৰিকৰী দিশৰ ক্ষেত্ৰত ষথেষ্ঠ গুৰুত্বপুৰ্ণ থিং চিং খাং শৃংগ আৰোহন বাবে অভিযানত অংশ গ্ৰহণ কৰিব পূৰ্ণ ডেকা, জুলিমা ডেকা, মনিন ডেকা, দিবাকৰ দাস আৰু ৰজিত বসুমতাৰীয়ে। জুলিমা ডেকাৰ নেতৃত্বত যাবলগীয়া এক্সপিডিচন গ্ৰুপটোৱে মুঠ ২২ দিনত অভিযান সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে।
উল্লেখ্য যে, অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ বিশেষ সহযোগিতাত স্থানীয় জনপ্ৰতিনিধি আৰু ৰাইজৰ সহযোগত এই এক্সপিডিচনৰ আয়োজন কৰা হৈছে। ক্ৰীড়াপ্ৰেমী ৰাইজে পৰ্বতাৰোহী অভিযানকাৰী দলটোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।