
ঢেকীয়াজুলিঃ নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিজেপি চৰকাৰৰ বিৰুদ্ধে আমৰণ অনশন আৰম্ভ কৰিছে৷ ৰাজ্যখনত বসবাস কৰি অহা আদিবাসী জনগোষ্ঠীৰ লোকসকলক চৰকাৰে জনজাতিকৰণৰ মৰ্য্যদা দিয়াৰ আশ্বাস দিছিল নিৰ্বাচনৰ পূৰ্বে৷
বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাত আজিৰে পৰা সংগঠনটোৱে আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে৷ শীঘ্ৰে আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্য্যদা নিদিলে ইয়াৰ দ্বাৰা সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে চৰকাৰ দায়ী হ'ব বুলিও সকীয়াই দিয়ে সংগঠনটোৱে৷
জনজাতিকৰণৰ দাবীক ন্যায্য দাবী আখ্যা দি আদিবাসীসকলক জনজাতিকৰণৰ মৰ্য্যদা নিদিয়া পৰ্য্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ ভাবুকি প্ৰদান কৰে সংগঠনটোৰ সভাপতি ষ্টিফেন লাক্ৰাই৷ আছাই আজিৰে পৰা ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মূখত জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত আমৰন অনশন কাৰ্যসূচী আৰম্ভ কৰিছে৷ উল্লেখ্য যে আছাই জনজাতিকৰণ আৰু চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত দীৰ্ঘদিনৰ পৰা সংগ্ৰাম অব্যাহত আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷