- আদৰ্শ মহাবিদ্যালয় স্থানান্তৰণক লৈ হৰিশিঙাত প্ৰতিক্ৰিয়া
- এবছু, আছুৰ যৌথ সংবাদমেল

ওদালগুৰিঃ ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত কোচপাৰা গাওঁত নিৰ্মাণৰ বাবে থিৰাং কৰা আদৰ্শ মহাবিদ্যালয় নিৰ্মাণৰ ক্ষেত্ৰত খেলিমেলি সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে এবছুৰ লগতে আছুৱে।
আজি বিয়লি তিনি বজাত হৰিশিঙা আঞ্চলিক এবছুৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি সংগঠন দুটাৰ নেতৃত্বই কয় যে ভাৰত চৰকাৰৰ ঘোষণা অনুসৰি ৰাজ্যৰ আন প্ৰান্তৰ লগতে ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত কোচপাৰা গাওঁতো এখন আদৰ্শ মহাবিদ্যালয় স্থাপনৰ যো-জা চলোৱা হৈছিল। সেইমৰ্মে চলিত বৰ্ষৰ জুলাই মাহত নিবিদাৰ প্ৰকাশ পাইছিল। ফলত হৰিশিঙাৰ সাধাৰণ ৰাইজে এই মহাবিদ্যালয়খন স্থাপনৰ কাৰ্যক আদৰণি জনাইছিল। কিন্তু আজিৰ সংবাদমেলত সংগঠন দুটাই অভিযোগ কৰি কয় যে একাংশ ৰাজনৈতিক নেতাৰ হস্তক্ষেপত হৰিশিঙাৰ কোচপাৰা গাওঁত নিৰ্মাণ হবলগীয়া আদৰ্শ মহাবিদ্যালয়খন অন্য স্থানলৈ স্থানান্তৰ কৰিব বিচাৰিছে। যাক সংগঠন দুটাৰ লগতে হৰিশিঙাবাসীয়ে কেতিয়াও মানি নলয় বুলিও সংগঠন দুটাই ৰাজনৈতিক পক্ষক সকিয়নী প্ৰদান কৰে। লগতে জিলা প্ৰশাসনক সংগঠন দুটাই অনুৰোধ কৰি কয় যে এই সন্দৰ্ভত প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰি পূৰ্ৱৰ প্ৰস্তাৱিত স্থানতে আদৰ্শ মহাবিদ্যালয়খন স্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰক।
অঞ্জনজ্যোতি শৰ্মা,ওদালগুৰি