
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ড প্ৰদান কৰিছে যদিও অসমত প্ৰদান কৰা নাছিল আধাৰ কাৰ্ড৷ ২০০৯ চনত তেতিয়াৰ কংগ্ৰেছ চৰকাৰ তথা প্ৰধানমন্ত্ৰী মনমোহন সিঙে আধাৰ কাৰ্ডৰ প্ৰচলন কৰি দেশৰ নাগৰিকৰ বিশেষ চিনাক্তকৰণ তথা পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে প্ৰদান কৰিছিল এই কাৰ্ড৷
আধাৰ কাৰ্ডৰ জৰিয়তে বেংক একাউণ্ট, পাছপোৰ্ট, ড্ৰাইভিং লাইচেন্স আদি লাভ কৰা ক্ষেত্ৰত চিনাক্তকৰণ তথ্য হিচাপে ব্যৱহাৰ হৈ আহিছে৷ আনকি বিদেশতো এজন লোকে নিজৰ পৰিচয় আধাৰ কাৰ্ড যোগে দিব পাৰিব যদিহে তেওৰ আধাৰ কাৰ্ড থাকে৷ আয়কৰ ৰিটাৰ্ণ, চিম কাৰ্ড ল’বলৈও প্ৰয়োজন হয় আধাৰ কাৰ্ডৰ। শেহতীয়াকৈ ২০১৮ চনৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা নতুন আৰু পুৰণি সকলো চিম কাৰ্ডৰ বিপৰীতে আধাৰ কাৰ্ড জমা দিব লাগিব বুলি জানিব পৰা গৈছে।
ড্ৰাইভিং লাইচেন্স, বেংক একাউন্টৰ সকলোতে আধাৰ কাৰ্ডৰ প্ৰয়োজন হৈছে৷ আধাৰ হ’ল ১২টা অংকৰ ব্যক্তিগত চিনাক্তকৰণ সংখ্যা যিটো ভাৰত চৰকাৰৰ হকে ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণে জাৰি কৰে। কিন্তু অসমত আধাৰ কাৰ্ড প্ৰদান নকৰাৰ ফলত বেংকৰ গ্ৰাহক, ড্ৰাইভিং লাইচেন্স, আয়কৰ ৰিটাৰ্ণ, চিম কাৰ্ড উলিওৱাত ৰাইজে সমস্যাত পৰিছিল৷ নানা জল্পনা-কল্পনাৰ অন্তত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰে অসমত আধাৰ কাৰ্ড প্ৰদান কৰাৰ বাবে সুবিধা প্ৰদান কৰিছে৷
৫ জানুৱাৰীৰ পৰা পৰা অসমৰ ডাক ঘৰত আধাৰ কাৰ্ডৰ বাবে অসমৰ ৰাইজে আৱেদন কৰিব পৰা হৈছে৷ ৰাজ্যৰ সৰ্বমুঠ ২১৬টা ডাকঘৰ যি কেইটা বিশেষ ভাৱে চৰকাৰে নিৰ্ধাৰণ কৰি দিছে তাত অসমৰ ৰাইজে আধাৰ কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰিব৷ ডাকঘৰ সমূহক আধাৰ কাৰ্ড বনোৱাৰ দায়িত্ব প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। এতিয়া অসমৰ ৰাইজে আধাৰ কাৰ্ডৰ বাবে আৱেদন কৰিব পাৰিব ডাকঘৰত। বহু জল্পনা-কল্পনাৰ অন্তত আধাৰ কাৰ্ড বনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৰাজ্য খনত৷