ডিজিটেল ডেস্কঃ এইবাৰ বেংকৰ একাউন্ট খুলিবলৈও বাধ্যতামূলক হ’ব আধাৰ কাৰ্ড৷ তদুপৰি ৫০হাজাৰ টকাতকৈ অধিক লেনদেনৰ ক্ষেত্ৰটো প্ৰয়োজন হ’ব আধাৰ কাৰ্ডৰ নম্বৰ৷

কেন্দ্ৰীয় চৰকাৰে আজি ঘোষণা কৰে এই সিদ্ধান্ত৷ নতুন ঘোষণা অনুযায়ী বেংকত একাউন্ট থকা গ্ৰাহকসকলেও চলিত বৰ্ষৰ ৩১ ডিচেম্বৰৰ ভিতৰত জমা দিব লাগিব আধাৰ কাৰ্ড৷  অন্যাথা উক্ত বেংক একাউন্টসমূহ অবৈধ হৈ পৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে আয়কৰৰ ক্ষেত্ৰতো বাধ্যতামূলক কৰা হৈছিল আধাৰ কাৰ্ড৷ চৰকাৰৰ এনে ঘোষণাৰ পিছতে উদ্বিগ্ন হৈ পৰিছে দেশৰ কোটি কোটি বেংকৰ গ্ৰাহক।