তিনিচুকীয়াঃ আঘোণ মাহ সোণগুটি চপোৱাৰ সময়৷ মুৰৰ ঘাম মাটিত পেলাই ৰাজ্য খনৰ কৃষকসকলে পথাৰত কঠীয়া ৰুই সপোন দেখে সোণগুটি চপোৱাৰ৷ অসমীয়া জাতিৰ বাবে আঘোণৰ গুৰুত্ব অপৰিসীম৷ আঘোণৰ পথাৰত গেঁৰ ধৰা ধান পকে। এই সময়ছোৱাত উজনি-নামনিত বিভিন্ন উৎসৱ পালন কৰি আনন্দ উলাহ কৰা দেখা যায় গ্ৰাম্য অঞ্চলৰ লোকসকলে৷ নামনি অসমৰ কোনো ধৰ্মীয় ধৰ্মীয় বিশ্বাসৰ লগত সম্বন্ধ নথকা ‘মহোহো’ উৎসৱ আঘোণ মাহৰ পূৰ্ণিমাৰ ৰাতি পালন কৰা হয়৷

ঘৰ খনৰ পৰা মহ আৰু খেতি পথাৰৰ পৰা পোক-পতংগ নাইকিয়া হয়। গৃহস্থক নদন-বদন হ'বলৈ আশীৰ্বাদ দিয়ে। এই দিনটোৰ পিছতহে সাধাৰণতে খেতিয়কসকলে ধান কাটিবলৈ আৰম্ভ কৰে। বছৰটোৰ বাৰটা মাহৰ ভিতৰত অন্যতম আঘোণৰ মাদকতা অনেক৷ কৃষকৰ সপোন, প্রকৃতিৰ বিনন্দীয়া সৌন্দৰ্য আৰু হেমন্তৰ হিমে ধুই নিকা নিকা কৰা মাহটোৱেই হ'ল আঘোণ মাহ৷ ন-খোৱা পৰ্বৰ যেন সময় এয়া৷

গাঁৱলীয়া চহা জীৱনৰ মাদকতা বিচাৰি কেতিয়াবা গাঁৱলৈ যাব চোন৷ সোণগুটি চপোৱাৰ সময়ত আঘোণৰ ৰ'দ পিঠিত পেলাই নৰাৰ মাজত ৰবাব টেঙাৰ সোৱাদ ল'বলৈ৷ দাৱনীয়ে দাই নিয়া ধানৰ মুঠিবোৰ নিয়ৰে হাত বুলোৱাৰ আগেয়ে কান্ধত ডাঙৰী বান্ধি গিয়াতি কুটুমক হাঁহৰ মাংসৰ স'তে এঠা এঠা লগা এসাঁজ ন-ভাত খুওৱাৰ মানসেৰে হেপাঁহৰ ন-খোৱাৰ জুতি ল'বলৈ৷

আঘোণ মানেই খেতিয়ক জীৱনৰ সোণালী সুদিন, আঘোণ মানেই খেতিয়কৰ মুখত হাঁহি, আঘোণ মানেই পথাৰৰ সৰু আলিত বালিমাহী চৰাইৰ হাঁহি খিকিন্দালি৷ এই আঘোণৰ বোকোচাত উঠি আহে খেতিয়ক ৰাইজৰ হেঁপাহৰ ন-খোৱা পৰ্ব৷ ন-চাউল, হাঁহ, মাটিমাহ, নতুন আলু, পুখুৰীৰ পোহনীয়া মাছ, বাৰীৰ শাক পাচলি গোটাই আপোন মানুহৰ সৈতে মিলিজুলি খোৱাৰ উপৰিও জুইৰ কাষত বহি বাৰীৰ নতুন আলু পুৰি খোৱা এয়াই যেন আঘোণ৷

কৃষিজীৱি ৰাইজে মূৰৰ ঘাম মাটিত পেলাই কৰা খেতি চপাই গোটেই বছৰটোৰ বাবে ভঁড়ালত ধান যোগাৰ কৰাৰ আঘোণ৷ ন-বোৱাৰীৰ কাঁচিৰ দাগ নৰাত ৰৈ যোৱা আঘোণ, কণ-কণ মইনাই নৰাৰে সজা পেপাঁ বজোৱা আঘোণ৷ নিয়ৰত ভিজি থকা নৰা গচকি কেৰেচ কেৰেচ শব্দৰ মাজত নিমখ আৰু ধান জলকীয়া সৈতে সুমথিৰা টেঙাৰ সোৱাদ লোৱাৰ যে সময় এয়া৷ দোকমোকালি নিয়ৰৰ ফেহুঁজালি ফালি ওলোৱা বেলিৰ আমেজ লোৱাৰ আঘোণ৷