কোকৰাঝাৰঃ কােচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিয় সংগঠন আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল এক আৱেগিক পৰিৱেশত দেওবাৰে লগ হৈ সংগঠনটোকে একত্ৰিত কৰে। বহু প্ৰতীক্ষাৰ অন্তত ঐক্যবদ্ধ হয় আক্ৰাছুৰ বিভাজিত দুই গোট। এত্য়াৰ পৰা আক্ৰাছু সংগঠন এটাই বুলি জনা যাব। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা খেলপথাৰত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আক্ৰাছুৰ ১৬ তম কেন্দ্ৰীয় শ্বহীদ দিৱস আৰু দ্বিবাৰ্ষিক যৌথ অধিবেশনতে আক্ৰাছুৰ একত্ৰিকৰণ সম্পন্ন হয়।

একত্ৰিকৰণৰ অন্তত আক্ৰাছুৰ নৱনিৰ্বাচিত ৫১ জনীয়া সমিতিৰ সভাপতিৰূপে নিৰ্বাচিত হয় অৰুণ ৰায় আৰু সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় গোকুল বৰ্মন। বহু ঘাত-প্ৰতিঘাতৰ অন্তত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিতকৰণৰ হোৱাত কোচ ৰাজবংশী জনতা উৎফুল্লিত হৈ পৰিছে আৰু আজি মইনাৰতলত অনুষ্ঠিত হোৱা মুকলি সভাত কেবাসহস্ৰাধিক সাধাৰণ জনতাই উৎফুল্লিত মনেৰে অংশগ্ৰহন কৰিছে। উল্লেখ্যে যে আক্ৰাছুৰ একত্ৰিকৰণ অধিবেশন কেবাবাৰো পিছুওৱাৰ অন্তত অৱশেষত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিকৰণৰ সম্পন্ন হোৱাত সাধাৰণ কোচ ৰাজবংশী জনতা বাৰুকৈয়ে উৎফুল্লিত হৈ পৰে।

সোমবাৰে বিয়লি ৩ বজাৰ পৰা মইনাৰতলত অনুষ্ঠিত হোৱা মুকলি সভাত হিলদল ভাঙি ৰাইজে অংশগ্ৰহন কৰা দেখা যায় নতুন উদ্যমেৰে। আক্ৰাছুৰ পূৰ্বৰ সভাপতি তথা বৰ্তমানৰ উপদেষ্টা হিতেশ্বৰ বৰ্মনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নৱনিৰ্বাচিত সভাপতি অৰুণ ৰায়ে নিজ ভাষণত আক্ৰাছুৰ মুল দাবী কমতাপুৰ আৰু জনজাতিকৰণৰ দাবীত অনাগত সময়ছোৱাত ব্যাপক আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য প্ৰকাশ কৰি ইয়াৰ বাবে অপ্ৰীতিকৰ পৰিস্থিতি তথা অনাকাংক্ষিত ঘটনা সংঘটিত হলে চৰকাৰে দায়ী হ’ব বুলি কয়।

তদুপৰি আক্ৰাছুৰ দাবী বিজেপি দলে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পুৰণ নহলে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহন কৰা হ’ব বুলিও মন্তব্য কৰে অাক্ৰাছুৰ সভাপতি অৰুণ ৰায়ে। ইপিনে নৱনিৰ্বাচিত আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে নিজৰ উদাত্ত ভাষণত চৰকাৰলৈ কঠোৰ সঁকিয়নি প্ৰদান কৰিছে। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ সন্দৰ্ভত স্থিৰ সিদ্ধান্ত নহলে চৰকাৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহনৰ ইংগিত প্ৰকাশ কৰি আক্ৰাছুৰ একত্ৰিকৰণে কোচ ৰাজবংশী জনতাক অধিক শক্তিশালী কৰি তুলিলে বুলি মন্তব্য কৰে। আক্ৰাছুৰ একত্ৰিকৰণ এক ঐতিহাসিক সিদ্ধান্ত আৰু বিভাজিত হৈ থকাৰ বাবেই চৰকাৰে জনগোষ্ঠীটোক গুৰুত্ব প্ৰদান কৰা নাছিল বুলি মন্তব্যৰে অধিকাৰ কাঢ়ি অনাৰ সপক্ষে মন্তব্য কৰে আক্ৰাছুৰ নবনিৰ্বাচিত সম্পাদক গোকুল বৰ্মনে।

মইনাৰতলত সোমবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত বিপিএফৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীয়ে মইনাৰতলক মিলনৰ থলী বুলি উল্লেখ কৰি বিভাজনে শক্তি হ্ৰাস কৰে বুলি মন্তব্য কৰিছে। আক্ৰাছুৰ দাবীৰ প্ৰতি বিপিএফ দলে সৰ্বতোপ্ৰকাৰে সহযোগিতা কৰিব বুলি মন্তব্যৰে নৱনিৰ্বাচিত সভাপতি আৰু সাধাৰণ সম্পাদকক অভিনন্দন জ্ঞাপন কৰি নৱনিৰ্বাচিত সমিতিখনে ৰাইজৰ আশা আকাংক্ষা পুৰণ কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰে। কোকৰাঝাৰৰ মইনাৰতলত অনুষ্ঠিত হোৱা মুকলি সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ সভাপতি ড০ দ্বিজেন্দ্ৰ নাথ ভকত, কোচ ৰাজবংশী কালচাৰেল ছচাইটিৰ সভাপতি বুদ্ধেশ্বৰ ৰায়, বিটিচি কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা লক্ষীন্দ্ৰ ৰায়, আক্ৰাছু একত্ৰিকৰণ সমিতিৰ মুখ্য আহ্বায়ক তৰণীকান্ত ৰায়কে ধৰি একত্ৰিকৰণ সমিতিৰ সদস্যবৰ্গৰ লগতে বহু বিশিষ্ট লোকে অংশগ্ৰহন কৰে।