কোকৰাঝাৰঃ সুকীয়া ৰাজ্য, জনজাতিকৰণৰ দাবীত কেইবাটাও দশক ধৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আহিছে কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকসকলে৷ অসম বন্ধ, পথ অৱৰোধ ধৰ্ণা কাৰ্যসুচীৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে জনগোষ্ঠীটোৱে৷ তৎসত্বেও ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে জনগোষ্ঠীটোৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি আহিছে জনগোষ্ঠীটোক নেতৃত্ব দিয়া কেইবাটাও সংগঠনে৷

কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৱে পুনৰ একেই দাবীত ৪৮ ঘন্টা অসম বন্ধৰ আহ্বান জনায়৷ বুধবাৰে পুৱাৰে পৰা আহ্বান জনোৱা বন্ধৰ ফলত নামনি অসম একপ্ৰকাৰ স্তদ্ধ হৈ পৰে৷ নামনি অসমৰ ওদালগুৰি, বাক্সা, চিৰাং, বিজনী, কাজলগাঁও, গোৱালপাৰা, ধুবুৰী আদি জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷

কমতাপুৰ ৰাজ্য পুণৰ গঠন আৰু জনজাতিকৰণৰ দাবীত আক্ৰাছুয়ে আহ্বান জনোৱা ৪৮ ঘন্টীয়া অসম বন্ধৰ সময়ছোৱাত কোকৰাঝাৰ জিলাত মিশ্ৰিত প্ৰভাৱ পৰে৷

বন্ধৰ সময়ছোৱাত কোনোধৰনৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই যদিও কোকৰাঝাৰ সদৰ চহৰকে ধৰি জিলাখনৰ ফকিৰাগ্ৰাম, চিথিলা, শক্তিআশ্ৰম, কালিপুখুৰী, সেৰফাংগুৰী, পাটগাঁও, ভাওৰাগুৰী, তুলসীবিল, দোতমা আদি অঞ্চলত দোকান-বজাৰ, দোকান- পোহাৰ,গাড়ী মটৰৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাৰ বিপৰীতে জিলাখনৰ আন কেতবোৰ অঞ্চলত অৱশ্যে বন্ধৰ কোনো প্ৰভাৱ পৰা দেখা নগল৷

ইপিনে আক্ৰাছুৰ বন্ধৰ সময়ছোৱাত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত দূৰণিবটীয়া বাছ আৰু ট্ৰাকৰ চলাচল বন্ধ থকাত অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ সন্মূখৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে শ শ ট্ৰাক ৰখাই থোৱা পৰিলক্ষিত হৈছে৷