কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত যামিনী কুমাৰ বৰুৱা ফেলপথাৰত অনুষ্ঠিত আক্ৰাছুৰ দ্বি-বাৰ্ষিক যৌথ অধিবেশন ইতিহাস হৈ ৰ’ল কােচ-ৰাজবংশী জনগোষ্ঠীৰ বাবে। আক্ৰাছুৰ শ্বহীদ দিৱসৰ সৈতে সংগতি ৰাখি ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা একত্ৰিতকৰণ অধিবেশনত আক্ৰাছুৰ দুয়োটা গোটৰ কেন্দ্ৰীয় নেতাসকল উপস্থিত থাকি এক আৱেগিক পৰিৱেশত সংগঠনটোকে একত্ৰিত কৰে।

দেওবাৰে বহু প্ৰতিক্ষাৰ প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব৷ আক্ৰাছুৰ নতুন সমিতি গঠন কৰাৰ বাবে দেওবাৰে প্ৰতিনিধি সভাই আক্ৰাছুৰ পৰবৰ্তী দুইবছৰীয়া কাৰ্যকালৰ বাবে অৰুণ ৰায়ক সভাপতি হিচাপে নিৰ্বাচিত কৰে। আক্ৰাছুৰ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হয় গোকুল বৰ্মন। কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ মইনাৰতলত অনুষ্ঠিত আক্ৰাছুৰ যৌথ প্ৰতিনিধি সভাত প্ৰতিনিধিয়ে নিৰ্বাচন কৰে সভাপতি, সম্পাদকক।

সৰ্বমুঠ ৫১জনীয়া সমিতি খনত হিতেশ্বৰ বৰ্মন উপদেষ্টা পদত অধিষ্ঠিত হয়। যেন এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰল বিটিএডিৰ সদৰ কোকৰাঝাৰ জিলা৷ বছৰ বছৰ ধৰি দুই মেৰুত অৱস্থান গ্ৰহণ কৰা আক্ৰাছুৰ দুই গোট৷ অৱশেষত যেন সকলো জল্পনা-কল্পনা অৱসান ঘটিল৷ একত্ৰিত হ'ল আক্ৰাছুৰ দুয়োটো গোট।

কোচ-ৰাজবংশী জনগোষ্ঠীৰ জাতিয় সংগঠন আক্ৰাছু দুটা গোটত বিভাজিত হৈছিল যদিও অৱশেষত আক্ৰাছু একত্ৰিতকৰণ আহ্বায়ক সমিতিৰ বহুদিনীয়া নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে দেওবাৰে আক্ৰাছু দুয়োটা গোট অধিৱেশনত উপস্থিত থাকি এক আৱেগিক পৰিৱেশৰ সৃষ্টি হয়৷ আক্ৰাছু'ৰ দুয়োটা গোট একত্ৰিত হোৱাত কোচ ৰাজবংশী জনতা উল্লাস প্ৰকাশ কৰে৷ বহু বাদ বিতৰ্কৰ অন্তত অৱশেষত আক্ৰাছুৰ দুয়োটা গোট একত্ৰিকৰণৰ চুড়ান্ত সিদ্ধান্ত উপনীত হোৱাৰ লগতে নতুন সমিতি গঠন হয়৷