
newsnextone.com | তেজপুৰ/কোকৰাঝাৰঃ ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ পুনৰ ৰাজ্য উত্তাল হৈ পৰাৰ আশংকা কৰা হৈছে৷ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ মন্তব্যত প্ৰতিবাদ জাঙুৰ খাই উঠিছে ৰাজ্যৰ একাংশ দল-সংগঠন৷ অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ অনিশ্চয়তাত বুলি প্ৰচাৰ হৈ অহাৰ সময়তে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’য় বুলি কয় বৃহস্পতিবাৰে৷
ভাৰত চৰকাৰে প্ৰকাশ কৰা মতে, কেন্দ্ৰ চৰকাৰৰ হাতত নাই অসমৰ ৬ জনগোষ্ঠীৰ সাংস্কৃতিক, ভাষীক কোনো তথ্য৷ এটি জনগোষ্ঠী জনজাতিকৰণ কৰিবৰ বাবে যিমান খিনি সমল লাগে সেয়া অসম চৰকাৰে তেনে কোনো তথ্য কেন্দ্ৰীয় জনজাতি মন্ত্ৰালয়ক জমা দিয়া নাই বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ মুঠৰ ওপৰত অসম চৰকাৰে যোৱা ২৫ মাহ ধৰি কেন্দ্ৰীয় চৰকাৰক ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে কোনো তথ্য জমা দিয়া নাই৷
বৃহস্পতিবাৰে দিল্লীত এক সংবাদ মেল অনুষ্ঠিত কৰি জনাজতি মন্ত্ৰালয়ে ভাৰবৰ্ষত এটা জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ প্ৰায় ৪০ বছৰৰ প্ৰয়োজন বুলি কয়৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় অসমৰ ৬ জনগোষ্ঠীক জনজাতিকণ কৰিবলৈ ৪০ বছৰৰ প্ৰয়োজন হ’ব৷ দেশৰ জনজাতি আয়োগ, মহাপঞ্জীয়কৰ অনুমোদন, ৰাজ্য চৰকাৰৰ অনুমোদন, কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতহে জনজাতিকৰণ হয় বুলি খোদ মন্ত্ৰীয়ে উল্লেখ কৰে। অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে চৰকাৰে ইচ্ছা প্ৰকাশ নকৰাৰ কথাটোৱে ওলাই পৰে৷
কিয়নো বিজেপি দলে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি দিছিল ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ৷ যোৱা প্ৰায় দুটা দশক ৰাজ্যৰ ভূমিপুত্ৰ জনগোষ্ঠী টাই আহোম, মৰাণ, মটক, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীৰ লোকসকলে জনজাতিকৰণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে৷ জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অৱহেলা আৰু আন্তৰিকতাহীন মনোভাৱৰ বাবে জনজাতিকৰণৰ মডেলিটি প্ৰকাশৰ সময় বাৰে বাৰে উকলি যোৱা বুলি গুৰুতৰ অভিযোগ কৰি আহিছে জনগোষ্ঠীকেইটাই৷
জনগোষ্ঠীৰ জনজাতিকৰণক লৈ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে বৃহস্পতিবাৰে এক সংবাদমেলত জনগোষ্ঠী এটাক জনজাতিকৰণৰ বাবে কমেও ৪০ বছৰ সময় লাগে বুলি মন্তব্য কৰাৰ পিছতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুকে ধৰি কেইবাটাও সংগঠনে সোচ্চাৰ হৈ পৰিছে।
আক্ৰাছুৰ সদস্যই বৃহস্পতিবাৰে কোকৰাঝাৰ, গোৱালপাৰা, শোণিতপুৰ আদি ঠাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
কোকৰাঝাৰৰ ছালাকাটিৰ ৰাজপথত জনজাতি মন্ত্ৰীগৰাকীৰ বক্তব্যৰ প্ৰতিবাদ জনাি আক্ৰাছুৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰাম, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ ধ্বনিৰে উত্তাল পৰিবেশৰ সৃষ্টি হয়।
প্ৰতিবাদকাৰীসকলে বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি দ্বিতীয়বাৰ এনে তুলুঙা মন্তব্য নকৰিবলৈ আহ্বান জনোৱাৰ লগতে জনজাতিকৰণ সন্দৰ্ভত বিজেপিক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়। তদুপৰি আক্ৰাছুৱে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰীগৰাকীক ব্যৰ্থ মন্ত্ৰী বুলি আখ্যা দি শীঘ্ৰেই পদত্যাগৰ দাবীও উত্থাপন কৰে।
শোণিতপুৰ জিলাৰ ৰঙাপৰাতো ৰাজপথলৈ ওলাই আহে আছাৰ নেতা-কৰ্মী৷ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্যক ধিক্কাৰ দি মন্ত্ৰীগৰাকীৰ প্ৰতৃকৃকি দাহ কৰে। অসম চৰকাৰ আৰু দিল্লী চৰকাৰে চাহ জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি আছাৰ ৰঙাপৰা আঞ্চলিক সমিতিয়ে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী জনায়৷ অন্যথাই তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে আছাই৷
গোৱালপাৰা জিলাৰ দুধনৈতো আক্ৰাছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ মন্তব্য তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। গোৱালপাৰাৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত আৰক্ষীয়ে বাধা প্ৰদান কৰাত আক্ৰাছু নেতা-কৰ্মী আৰু আৰক্ষীৰ হতাহতি কৰিব লগা হয়।
আনহাতে, শোণিতপুৰ জিলা চাৰিদুৱাৰত বালিপৰা আঞ্চলিক আক্ৰাছু আৰু শোণিতপুৰ জিলা কোচ ৰাজবংশী সমিতিয়ে জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ প্ৰতিকৃতি দাহ কৰে। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে বৃহস্পতিবাৰে এক সংবাদমেলত জনগোষ্ঠী এটাক জনজাতিকৰণৰ বাবে কমেও ৪০ বছৰ সময় লাগে বুলি প্ৰকাশ কৰা কাৰ্যক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিয়ে।