
newsnextone.com | বিলাসীপাৰাঃ ৰাজ্যৰ প্ৰাক্তন প্ৰাক্তন মুখ্যমন্ত্ৰী, জননেতা শৰৎ চন্দ্ৰ সিংহৰ সপোনৰ উচ্চ শিক্ষানুষ্ঠান ধুবুৰী জিলা চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ৰ পৰা চৰকাৰে বিজ্ঞান শাখা অন্তৰ্ভুক্তি নকৰাত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ধুবুৰীত৷ জননেতা শৰৎ চন্দ্ৰ সিংহই নিজেই গাঁৱৰ স্কুলতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ লগতে সহকাৰী শিক্ষকৰ পৰা আৰম্ভ কৰি প্ৰধান শিক্ষক পৰ্যন্ত হৈছিল৷ গাঁৱৰ স্কুলত পঢ়ি ৰাজ্যৰ মুখ্যমন্ত্ৰী পৰ্যন্ত হোৱা জননেতা শৰৎ চন্দ্ৰ সিংহই নিজৰ জন্মস্থানত শিক্ষাৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে কেইবাখনো শিক্ষানুষ্ঠানৰ জন্ম দিয়ে।
তাৰ ভিতৰত অন্যতম আছিল চাপৰ ৰত্নপীঠ মহাবিদ্যালয়৷ এই চাপৰ ৰত্নপীঠ মহাবিদ্যালয়ত চৰকাৰে বিজ্ঞান শাখা কৰ্তন কৰে৷ শেহতীয়াকৈ চৰাকৰে ৫০ খন মহাবিদ্যালয়ত বিজ্ঞান শাখা অন্তৰ্ভুক্ত কৰে যদিও চাপৰ ৰত্নপীঠ মহাবিদ্যাল বাদ পৰাত উত্তাল হৈ পৰিছে ধুবুৰী জিলা৷ বৃহস্পতিবাৰে ধুবুৰীৰ চাপৰত বিভিন্ন দল-সংগঠনে ৩১নং ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে ৰত্নপীঠ মহাবিদ্যালয়ত বিজ্ঞান শাখা কৰ্তনৰ বিৰোধিতা কৰি বিজ্ঞান শাখা শীঘ্ৰে অন্তৰ্ভুক্ত কৰাৰ দাবী জনায়৷ জননেতা শৰৎ চন্দ্ৰ সিংহৰ মানস কন্যা হিচাপে জনজাত ঐতিহাসিক মহাবিদ্যালয়ত বিজ্ঞান শাখা প্ৰদানৰ দাবী জনায় অন্যথাই ভয়াবহ প্ৰতিবাদৰ সন্মুখীন হ’ব লাগিব বুলি কয় আমছুৱে৷
আমছুৰ উদ্যোগত কেইবাশতাধিক লোকে প্ৰতিবাদ সাব্যস্ত কৰে৷ আমছুকে সামৰি ৮টা সংগঠনে তিনি ঘণ্টীয়া ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসুচী পালন কৰে। হাতে হাতে প্লে-কাৰ্ড লৈ বিভিন্ন শ্ল’গানেৰে আকাশ বতাহ উত্তাল কৰি তোলে পথ অৱৰোধকাৰীসকলে। বিলাসীপাৰা জিলা আমছুৰ সভাপতি ফজৰ আলী মণ্ডলৰ নেতৃত্বত বিভিন্ন সংগঠনৰ নেতাসকলে বিলাসীপাৰাৰ নিৰ্বাচনী বিষয়া সুৰুজ সোণোৱাল আৰু চাপৰ ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যক এখন স্মাৰক পত্র প্ৰেৰণ কৰি শীঘ্ৰে মহাবিদ্যালয় খনত বিজ্ঞান শাখা প্ৰদানৰ দাবী জনায়। পথ অৱৰোধ কৰাৰ ফলত ঘাইপথত তীব্ৰ যানজোঁটৰ সৃষ্টি হয়।