
ডিব্ৰুগড়ঃ আমছুৰ সভাপতি আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক সমালোচনা কৰিবলৈ গৈ অসমীয়াগিৰি শব্দটো ব্যৱহাৰ কৰাত ৰাজ্যৰ উজনি-নামনিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিশেষকৈ উজনি অসমৰ ছচিয়েল মিডিয়াত সক্ৰিয় লোকসকলে জিতেন দত্তক অপমান কৰা বুলি কৈ আমছুৰ সভাপতিগৰাকীক উভতি ধৰি তীব্ৰ সমালোচনা কৰে৷
সোমবাৰে নিশা ব্যক্তিগত নিউজ চেনেল নিউজ-১৮ৰ জ্যেষ্ঠ সাংবাদিক পৰাগমণি আদিত্যই পিৰচালনা কৰা এটি অনুষ্ঠানত আলফা নেতা জিতেন দত্ত, আমছুৰ সভাপতি আজিজুৰ ৰহমানৰ লগতে কেইবাজনো নেতাই অংশ গ্ৰহণ কৰে৷ আমছুৰ নেতা আজিজুৰ ৰহমানে আলফা নেতা জিতেন দত্তক উভতি ধৰিবলৈ গৈ অসমীয়াগিৰি কৰা বুলি কয়৷ নামনিৰ বৰপেটা, ধুবুৰী, মৰিগাঁও আদি জিলা অসমৰ হয় নে নহয় বাৰে বাৰে প্ৰশ্ন কৰে আজিজুৰে৷
এটা সময়ত জিতেন দত্তক উভতি ধৰি আমছুৰ সভাপতিগৰাকীয়ে অসমীয়াগিৰি শব্দটো ব্যৱহাৰ কৰি উভতি ধৰাৰ চেষ্টা কৰে জিতেন দত্তক৷ ১২ নৱেম্বৰত আলফা নেতা জিতেন দত্ত খোদ লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিবৰ বাবে উপস্থিত হয়৷ আলোচনাপন্থী আলফাৰ এটা দলে লিডুৰ বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক নাগৰিকৰ বসতি উচ্ছেদ কৰিব যোৱাৰ সময়ত এগৰাকী গাঁওবুঢ়াৰ সৈতে প্ৰথমে মুখামুখি হয় দলটোৱে৷
উক্ত গাঁওবুঢ়াগৰাকীয়ে টকা লৈ সন্দেহজনক নাগৰিকসকলক চৰকাৰী মাটিত বহাৰ সুবিধা কৰি দিছিল৷ দেওবাৰে জিতেন দত্ত সহিতে আলফাৰ দলটো উপস্থিত হোৱাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে লংকা-কাণ্ড সংঘটিত হয়৷ আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ লগতে প্ৰশাসনে বহু বাধা দিয়াৰ পিছতো কোনো লোকে বুঢ়ী-দিহিঙৰ পাৰত সন্দেহজনক লোকৰ ঘৰ সমূহ জ্বলাই দিছিল৷ উক্ত ঘটনা সন্দৰ্ভত জিতেন দত্তক উভতি ধৰিবলৈ গৈ আমছুৰ সভাপতিগৰাকীয়ে অসমীয়াগিৰি শব্দটো বাৱহাৰ কৰে৷
তাৰ পিছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ছচিয়েল মিডিয়াত তীব্ৰ ককৰ্থনা কৰা দেখা যায়৷ তাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডিব্ৰুগড় জিলা আমছুৰ উপদেষ্টা ছফিৰ অালম খান, সভাপতি ইমতিয়াজ অালী আৰু সাধাৰণ সম্পাদক ৰচিদ অাহমেদে একপ্ৰকাৰ ক্ষোভিত হৈ পৰে৷ তিনিও নেতাই কয় "সোমবাৰে তিনিচুকীয়ালৈ আমাক যাব দিব লাগিছিল৷ নতুবা আমাৰ সৈতে যোগাযোগ কৰিব লাগিছিল৷ অামাক সেই ঠাইলৈ যোৱাৰ নিদেৰ্শ দিব লাগিছিল৷
তাকে নকৰি যোৱানিশা এটা ব্যক্তিগত নিউজ চেনেলৰ অনুষ্ঠানত বিতৰ্কিত মন্তব্য ''অসমীয়াগিৰি'' শব্দটো প্ৰয়োগ কৰিলে৷ তেনে শব্দ প্ৰয়োগ কৰিব নালাগিছিল৷ অামি ডিব্ৰুগড় জিলা সমিতিয়ে মৰ্মাহত হৈছো''৷ এনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংখ্যালঘু সংগঠনটোৰ অন্যতম সক্ৰিয় জিলা সমিতি খনে৷ উজনি অসমৰ সন্দৰ্ভত সকলো জানি লব লাগে বুলিও কয়৷ অানহাতে নেতাকেইজনে কয় আহোম, চুতীয়া, কোচ, বড়ো, কাৰ্বি, মিচিং, ৰাভা, মটক, ঠেঙাল আদি বিভিন্ন জাতি-জনগোষ্ঠীৰ মিলনভূমি এইখন অসম।
নানা জাতী-জনগোষ্ঠীৰ ধৰ্ম-বৰ্ণ নিৰ্বিশেষে উচ্চ-নীচৰ ভেদাভেদ পাহৰি আমি অতীজৰে পৰা এক হৈ আছো৷ শংকৰ-আজানৰ এই দেশত কাহানিও সাম্প্ৰদায়িকতাৰ স্থান নাছিল৷ বহু সময়ত ইটো জাতী-জনগোষ্ঠীৰ বিৰুদ্ধে সিটো জাতী-জনগোষ্ঠীৰ মাজত যুজ লগাব বিছাৰে যদিও ঐক্য, শান্তি আৰু সম্প্ৰীতিৰ এনাজৰীডাল কটকটীয়া হৈ থকাৰ বাবে লেতেৰা ৰাজনীতি কৰা লোকসকল সফল হ’ব নোৱাৰে৷
তাৰ মাজতে বিহু, ঈদ, পূজাৰ দৰে উৎসৱ সমূহ আমাক বেছি ওচৰলৈ লৈ আহে অাৰু এই উৎসৱ বোৰৰ পৰা ভাতৃত্ববোধ অধিক টনকীয়াল হয়৷ আমছুৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ইমতিয়াজ আলীয়ে আমি শংকৰ-আজানৰ দেশত বসবাস কৰিছো গতিকে আমি সকলো ঐকবদ্ধ তথা অসমত বসবাস কৰা অামি খিলঞ্জীয়াই মৰম চেনেহ অান্তৰিকতাৰে থাকিব লাগিব বুলি কৈ প্ৰয়োজনত আমি সংগঠন এৰিবলৈ সাজি থকা বুলি কয়৷