
উৰিয়ামঘাঃ তেও সপোন দেখে পঢ়ি-শুনি ডাঙৰ মানুহ হোৱাৰ৷ দৰিদ্ৰতাক ওচৰৰে পৰা দেখা, দৰিদ্ৰ কি বুজি পোৱা কিশোৰীগৰাকীয়ে পঢ়ি-শুনি ডাঙৰ মানুহ হৈ দৰিদ্ৰ পিতৃ-মাতৃক পোহপাল দিব খোজে৷ দিনৰ দিনটো কপালৰ ঘাম মাটিত পেলাই শ্ৰম কৰি পিতৃয়ে তেওক পঢ়াই যদিও পিতৃৰ টকাৰে তেওঁৰ অভাৱ পুৰণ নহয়৷ অসহায় মেধাৱী কিশোৰীয়ে যাৰ বাবে হাহাকাৰ কৰিব লগা হয়৷
গোলাঘাট জিলাৰ বৰপথাৰৰ সবিতা গোৱালাই যেনেকৈ নহওঁক পঢ়িব খোজে৷ তাৰ মাজতে অামছুুৰ বৰপথাৰ অাঞ্চলিক সমিতিয়ে এই খবৰ লাভ কৰে৷ অামছুুৰ বৰপথাৰ আঞ্চলিক সমিতি আৰু ধনশিৰি সমিতিয়ে বৰপথাৰৰ অতি দৰিদ্ৰ মেধাৱী ছাত্ৰী সবিতা গোৱালাক এখন পঢ়া টেবুল, চকী, স্কুল বেগ, চ'লাৰ লাইট, ব্লেংকেট আৰু ৩০০১ টকা সাহায্য প্ৰদান কৰে।
সংগঠনটোৱে স্থানীয় বিধায়িকা ৰ'জলীনা তিৰ্কি অাৰু সাংসদ গৌৰৱ গগৈয়ে দৰিদ্ৰ ছাত্ৰীগৰাকীৰ খবৰ নোলোৱাত ক্ষোভ ব্যক্ত কৰে৷ ধনশিৰি অামছুৰ উপদেষ্টা ৰিজাউল হ'ক, ধনশিৰি মহকুমাৰ সভাপতি চাহতাজ অাহমেদ, উপ-সভাপতি ইউচুফ খান, সাধাৰন সম্পাদক কাদিৰ খান, বৰপথাৰ অাঞ্চলিক সমিতিৰ সভাপতি হুছেইন অালি, সাধাৰন সম্পাদক চাকিৰউদ্দিন অাহমেদ অাৰু বিভিন্ন অাঞ্চলিক সমিতিৰ সভাপতি অাৰু সম্পাদকৰ লগতে বিষয়-ববিয়াৰ উপস্থিতিত মেধাৱী ছাত্ৰীগৰাকীক সামগ্ৰী খিনি প্ৰদান কৰে৷