
নলবাৰীঃ ৰাজ্যত নিতৌ সংঘটিত হয় হাতী মানুহৰ সংঘাত৷ হাতী-মানুহৰ সংঘাত যেন এতিয়া সাধাৰণ কথাত হে পৰিণত হৈছে৷ হাতী-মানুহৰ সংঘাত নিৰ্মূলৰ বাবে ৰাজ্য চৰকাৰ তথা বনবিভাগে তিলমানো গুৰুত্ব আৰোপ দেখা নাযায়৷ ৰাজ্যৰ কেইবাখনো জিলাৰ হাজাৰ হাজাৰ লোকে বনৰীয়া হাতীৰ জাকৰ উপদ্ৰৱৰ ফলত নিতৌ নিদ্ৰাহৰণ হৈছে যদিও কাণসাৰ নাই চৰকাৰৰ বন মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ভাৰত-ভূটান সীমান্তৰ বাক্সা জিলাত হাতীৰ তাণ্ডৱ অব্যাহত আছে৷ দৰিদ্ৰ শ্ৰমিকৰ নিতৌ ঘৰ ভাঙি গৃহ হাৰা কৰে হাতীৰ জাকে। ৰাইজে দীৰ্ঘ দিনে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা দিয়াৰ দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা দেখা নাযায়৷ তাৰ মাজতে আমছুৰ বাক্সা জিলা সমিতিয়ে বিটিএডিৰ বাক্সা জিলাৰ শালবাৰী-তামুলপুৰ মহকুমাৰ ভিন্ন ঠাইত বনৰীয়া হাতীয়ে তাণ্ডৱ চলাই যোৱাৰ পিছতো মানুহক সুৰক্ষা দিয়াৰ বাবে পদক্ষেপ নোলোৱা বুলি বন বিভাগৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷
সংগঠনটোৰ বাক্সা জিলা সমিতিৰ সভাপতি মিনহাজুল ইমৰাণ আৰু সম্পাদক ছাইফুল ইছলাম খানে এক বিবৃতি যোগে নিশাৰ আন্ধাৰত জাকে জাকে বনৰীয়া হাতীয়ে জনাঞ্চললৈ ওলাই আহি কৃষকৰ হাজাৰ হাজাৰ বিঘা কৃষি ভূমি নষ্ট কৰাৰ লগতে বহু পৰিয়ালৰ ঘৰ-দোৱাৰ ভাঙি গৃহহাৰা কৰি আহিছে। হাতীয়ে তাণ্ডৱ চলাই যোৱাৰ পিছতো বনৰক্ষীসকলে হাতীৰ তাণ্ডৱৰ পৰা মানুহক ৰক্ষ্ষা কৰৰা কোনো ব্যৱস্থা নকৰা বুলি অভিোগ উত্থাপন কৰে৷ ফলত অঞ্চল সমূহৰ কৃষক নিশা উজাগৰে থাকি হাতীক পহৰা দিব লগা হৈছে। কৃষক জুৰুলা হোৱাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলে আতংকত লিখা-পঢ়া কৰিব নোৱাৰা হৈছে৷ সংগঠনটোৱে বন বিভাগক এখন স্মাৰক পত্ৰ প্ৰদান কৰি ছাত্ৰ-ছাত্ৰীৰ পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি হাতী খেদাৰ ব্যৱস্থা কৰাৰ দাবী জনায়।