
ডিব্ৰুগড়ঃ দুমাহৰ ভিতৰত চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাত দুজনকৈ সাংবাদিকে গুলীত প্ৰাণ হেৰুৱাব লগা হোৱা ঘটনাই উত্তাল কৰি ৰাখিছে ত্ৰিপুৰা৷ ত্রিপুৰাৰ অাৰ কে নগৰত ত্রিপুৰা ষ্টেট ৰাইফলছ (টি এছ অাৰ)ৰ দুই নং বেটেলিয়নৰ এজন জোৱানে সাংবাদিক সুদীপ দও ভৌমিকক গুলীয়াই হত্যা কৰে৷ প্ৰয়াত ভৌমিক ছৈন্দন পত্রিকাৰ সাংবাদিক অাছিল অাৰু ইতিপূৰ্বে টি এছ অাৰৰ দ্বিতীয় বেটিলিয়নত সংঘটিত অপৰাধমূলক দূৰ্নীতিৰ বাতৰি প্ৰকাশ কৰিছিল৷
বাতৰি সংত্রুান্তত টি এছ অাৰৰ কমাণ্ডোন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক ভৌমিকক নিজৰ কাৰ্যালয়লৈ মতাই নিয়ে৷ কাৰ্যালয়ত প্ৰথমে দুয়োজনৰ বাক-বিতণ্ডা হয় অাৰু পিচতে কমাণ্ডেন্টজনে সাংবাদিকজনক মাৰধৰ কৰে৷ অানকি বিশেষ সূত্র পৰা জানিব পৰা মতে কমাণ্ডন্টজনে তেওঁৰ টেবুলৰ পৰা এটা টকাৰ পেকেট হেৰাইছে বুলি চিঞৰ-বাখৰ কৰে৷ সাংবাদিকজনক মাৰধৰ কৰি কাৰ্যালয়ৰ পৰা উলিয়াই দিয়াৰ পিচতে সাংবাদিকজনক গুচি অাহিবলৈ লোৱাৰ সময়তে নন্দগোপাল ৰিয়াং নামৰ জোৱানজনে সাংবাদিকজনলৈ লক্ষ্য কৰি গুলীচালনা কৰে৷
কৰ্তব্যৰত সাংবাদিক সুদীপ দওক চৰকাৰী নিৰাপওাৰক্ষীয়ে গুলীয়াই হত্যা কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সংখ্যালঘু ছাত্র ইউনিয়নৰ ডিব্ৰুগড় জিলা সমিতিৰ উপদেষ্টা ছফিৰ অালম খান, সভাপতি ইমতিয়াজ অালি অাৰু সাধাৰণ সম্পাদক অাব্দুল ৰচিদ অাহমেদে৷ লগতে কয় হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ লগতে দেশৰ সংবাদকৰ্মীৰ সকলক নিৰাপওা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহমন্ত্রীক দাবী জনায়৷