
ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ দিল্লীৰ ২০গৰাকী বিধায়কক লাভজনক পদত জৰিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি অযোগ্য ঘোষণা কৰা হৈছিল৷ বিধায়কসকলক অযোগ্য ঘোষণা কৰাত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আৱেদন জনায় বিধায়কসকলে৷
सत्य की जीत हुई। दिल्ली के लोगों द्वारा चुने हुए प्रतिनिधियों को ग़लत तरीक़े से बर्खास्त किया गया था। दिल्ली हाई कोर्ट ने दिल्ली के लोगों को न्याय दिया। दिल्ली के लोगों की बड़ी जीत। दिल्ली के लोगों को बधाई। https://t.co/eDayHziHSn
— Arvind Kejriwal (@ArvindKejriwal) March 23, 2018
শুকুৰবাৰে বিধায়কৰ পদ বাহাল ৰখাৰ সপক্ষে ৰায় দিয়ে ন্যায়ালয়ে৷ আদালতে গোচৰ নিৰ্বাচন আয়োগক পুনৰ প্ৰেৰণ কৰে৷ নিৰ্বাচন আয়োগে পুনৰ শুনানী গ্ৰহণ কৰি অন্তিম ৰায় প্ৰদান কৰিব৷ দিল্লী উচ্চ ন্যায়ালয়ে নিৰ্বাচন আয়োগে মৌখিক নিয়মক পালন নকৰাৰ বাবে সঁচা ন্যায় নাই হোৱা বুলি অভিযোগ উত্থাপন কৰে৷
২০গৰাকী বিধায়কক সংসদিয় সচিব নিযুক্তি দিয়াত অযোগ্য ঘোষণা কৰাৰ বাবে ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছিল৷ আম আদমি পৰ্টিৰ নেতা, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে টুইট কৰি কয় ‘‘সত্যৰ জয় হ’ল৷ দিল্লীৰ জনসাধৰণৰ দ্বাৰা নিৰ্বাচিত হোৱা জনপ্ৰতিনিধিক ভুল ধৰণে বৰ্খাস্ত কৰা হৈছিল৷ দিল্লী উচ্চ ন্যায়ালয়ে দিল্লীৰ লোকক ন্যায় দিলে৷ দিল্লীৰ জনসাধৰণৰ বৃহৎ জয়৷ দিল্লীৰ জণগনক শুভেচ্ছা৷
যোৱা ১৯ জানুৱাৰীত ব্যক্তিগত লাভজনক পেছাত জড়িত থকাৰ অভিযোগত আম আদমি পাৰ্টিৰ ২০গৰাকী বিধায়কক বৰ্খাস্ত কৰিছিল দেশৰ নিৰ্বাচন আয়োগে৷ বিধায়কসকলক বৰ্খাস্ত কৰাৰ বাবে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল৷
২০১৫ চনত বিধানসভা নিৰ্বাচনৰ পিছত বিধায়ক হোৱাৰ পিছতো আম আদমি পাৰ্টিৰ প্ৰায় ২০গৰাকী বিধায়ক ব্যক্তিগত লাভজনক ব্যৱসায়ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ দেশৰ জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত পাটিলে আদালতত দাখিল কৰা আৱেদনৰ জৰিয়তে জনপ্ৰতিনিধিসকলে লাভ জনক পদত থকাৰ লগতে সংসদীয় সচিব হৈ থকাত বৰ্খাস্ত কৰাৰ দাবী কৰে৷
তাৰ পিছতে নিৰ্বাচন আয়োগ বিধায়কসকলৰ বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লয়৷ বিগত বছৰৰ জুন মাহত বিধায়কসকলে নিৰ্বাচন আয়োগৰ ওচৰত ওলোটাই আৱেদন কৰিছিল যদিও আৱেদন খাৰিজ কৰে আয়োগে৷ ২০১৭ চনৰ আগষ্ট মাহত দিল্লী উচ্চ ন্যায়ালয়ত বিধায়কসকলে অধিবক্তা প্ৰশান্তৰ আৰ্জি খাৰিজ কৰাৰ আৱেদন জনাইছিল৷