দিল্লী চৰকাৰে দিল্লীত এখন অসমীয়া একাডেমী প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰচাৰ আৰু গৱেষণাৰ ক্ষেত্ৰত বৰঙনি আগবঢ়াব

ডিজিটেল ব্যুৰঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ দৰে অসমৰ সৰ্বানন্দ সোণোৱাল চৰকাৰেও ভুৱা প্ৰতিশ্ৰুতি দিয়াত পি এইচ ডি লাভ কৰিছে। উন্নয়ন আৰু দুৰ্নীতিৰ বিৰুদ্ধে শ্ল'গান দি চৰকাৰ গঠন কৰা সৰ্বানন্দ সোণোৱালে এতিয়া অসমক ধৰ্মৰ নামত ভাগ ভাগ কৰিবলৈ ধৰিছে। এই অভিযোগ আম আদমি পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা তথা দিল্লীৰ বিধায়ক সোমনাথ ভাৰতীৰ। 

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ অহা ভাৰতীয়ে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ সম্পূৰ্ণ বিৰোধিতা কৰি কয় যে ধৰ্মৰ নামত নাগৰিকত্ব দিয়া কাৰ্য আম আদমি পাৰ্টীয়ে কেতিয়াও সমৰ্থন নকৰে। তদুপৰি এই আইনে অসমৰ জনগাঁথনিত বিৰূপ প্ৰভাৱ পেলাব। ইফালে, ভাৰতীয়ে কয় যে বৃহৎ নদী বান্ধ আপে কেতিয়াও সমৰ্থন নকৰে। ইয়াৰ পৰিৱৰ্তে সৰু সৰু বান্ধৰ জৰিয়তে বিদ্যুৎ উৎপাদনৰ পোষকতা কৰে আপৰ নেতাজনে।

দিল্লী চৰকাৰে যোৱা তিনি বছৰত ৰাজ্যখনৰ শিক্ষা, স্বাস্থ্যকে ধৰি সকলো ক্ষেত্ৰতে বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰি  বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ৰাষ্ট্ৰ সংঘৰ প্ৰাক্তন সচিব প্ৰধান বেন কি মুনে দিল্লী চৰকাৰে স্থাপন কৰা 'মহল্লা ক্লিনিক’ আৰু শিক্ষা ব্যৱস্থাক ভূয়সী প্ৰশংসা কৰিছে বুলি তেওঁ উল্লেখ কৰে। 

দিল্লী চৰকাৰে দেশৰ ৰাজধানীত এখন অসমীয়া একাডেমী প্ৰতিষ্ঠা কৰি অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰচাৰ আৰু গৱেষণাৰ ক্ষেত্ৰত বৰঙনি আগ বঢ়াব বুলি জানিবলৈ দিয়ে।